নিজৰ কৰ্তব্যৰ অৱহেলা আৰু অনুপস্থিতিৰ বাবে নিলম্বিত হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডা৹ দেৱমোহন শইকীয়া :

নিজৰ কৰ্তব্যৰ অৱহেলা আৰু অনুপস্থিতিৰ বাবে নিলম্বিত হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডা৹ দেৱমোহন শইকীয়া :
Photo : Uttam Saikia

নিজৰ কৰ্তব্যৰ অৱহেলা আৰু অনুপস্থিতিৰ বাবে নিলম্বিত হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডা৹ দেৱমোহন শইকীয়া :

AIIDESH.NEWS : 10 May :


বিভাগীয় কাৰ্যত কৰা অৱহেলা আৰু কাৰ্যালয়ত অনিয়মিত উপস্থিতিৰ বাবে নিলম্বন কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডা৹ দেৱমোহন শইকীয়াক ৷ শনিবাৰে ছোৱান ফিভাৰ সম্পৰ্কত কাজিৰঙাৰ অগৰাতলি বনাঞ্চল পৰিদৰ্শনৰ সময়ত এই কথা ব্যক্ত কৰে পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷ তৎকালিন ভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ দিয়া বুলি  অগৰাতলিত জনায় মন্ত্ৰী গৰাকীয়ে ৷ জেষ্ঠ পশু চিকিৎসক ডা৹ দেৱ মোহন শইকীয়াই বিগত সময়ছোৱাত বন পশু চিকিৎসক হিচাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত আছিল ৷ কিন্তু বিগত কাৰ্যকালত নিজৰ কাৰ্যৰ প্ৰতি কৰা অৱহেলা আৰু কাৰ্যালয়ত অনিয়মিত উপস্থিতিৰ বাবে জেষ্ঠ পশু চিকিৎসক জনক একাধিক বাৰ কাৰণ দৰ্শোৱাৰ জাননী আৰু  কঠোৰ নিৰ্দেশো দিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ছোৱান ফিভাৰ সংক্ৰমনৰ প্ৰতিৰোধ অভিযানৰ বাবেও কাজিৰঙালৈ আহিবলৈ ডা৹ দেৱমোহন শইকীয়াক কোৱা হৈছিল যদিও নিজৰ কাৰ্যত অনুপস্থিত আছিল পশু চিকিৎসক গৰাকী ৷ চিকিৎসক গৰাকীৰ এনে আচৰণৰ বাবেই তেওঁক কাজিৰঙাৰ পৰা আঁতৰাই অন্য এজন পশু চিকিৎসকক কাজিৰঙাত নিযুক্তি দিবৰ বাবে পশু চিকিৎসা বিভাগক অনুৰোধো জনাইছিল কাজিৰঙাৰ সঞ্চালকে ৷ অৱশেষত শনিবাৰে পশু চিকিৎসক জনৰ নিলম্বনৰ কথা ঘোষণা কৰে মন্ত্ৰী অতুল বৰাই ৷ বিগত সময়ত ডা৹ দেৱ মোহন শইকীয়াৰ অনুপস্থিতিৰ বাবে কাজিৰঙাত চলা বিভিন্ন অভিযান অথবা বন্যপ্ৰাণী আৰু বিভাগীয় হাতীৰ চিকিৎসা আদিত সমস্যাত পৰিছিল কাজিৰঙা কৰ্তৃপক্ষ ৷