বোকাখাতত পাইপ যোগে ৰন্ধন গেছ যোগানৰ অভিলাষী আঁচনিৰ উদ্বোধন মন্ত্ৰী অতুল বৰাৰ :

বোকাখাতত পাইপ যোগে ৰন্ধন গেছ যোগানৰ অভিলাষী আঁচনিৰ উদ্বোধন মন্ত্ৰী অতুল বৰাৰ  :
Aiidesh Photo

Aiidesh News  : 20 December - 2023  : 

বোকাখাতৰ বিধায়ক কেবিনেট মন্ত্ৰী অতুল বৰাই ২০ ডিচেম্বৰত বোকাখাত সমষ্টিৰ ৮ খন বিদ্যালয়ৰ লাইব্ৰেৰী আৰু ডিজিটেল ক্লাছ ৰূমৰ আধাৰ শিলা স্থাপন কৰাৰ লগতে সমষ্টিটোৰ মূঠ ১৩ টা অনুষ্ঠানত অংশ গ্ৰহন কৰে । ইয়াৰ ভিতৰত বোকাখাত নগৰত নাগৰিকৰ বাসগৃহত পাইপ যোগে ৰন্ধন গেছৰ যোগান ধৰাৰ এক আঁচনিও উদ্বোধন কৰে ৷

অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত বৃহত্তৰ বোকাখাত নগৰত ৰন্ধন গেছ যোগান ধৰা এই আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্ৰী অতুল বৰাই দীৰ্ঘ দিনৰ পৰাই বোকাখাতত পাইপ যোগে গেছ যোগানৰ এই অভিলাষী আঁচনিৰ বাবে যোগাযোগ কৰি থকা হৈছিল বুলি মন্তব্য কৰে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতাকো স্বীকাৰ কৰে মন্ত্ৰী অতুল বৰাই ৷ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে লোৱা বিশেষ আঁচনিৰ দ্বাৰা ৪৪ লাখৰো অধিক হিতাধিকাৰী মহিলাক উজালা আঁচনিৰ গেছ যোগান ধৰাৰ উদ্বিতৃৰে দেশ আৰু ৰাজ্যৰ উন্নয়নৰ তৰান্বিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অভূতপূৰ্ব আঁচনি গ্ৰহণ কৰা বুলিও উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই । প্ৰকল্পটোৰ অধীনত নুমলীগড়ৰ পৰা বোকাখাতলৈ সংযোগ কৰিবলগীয়া পাইপ লাইনৰ যাৱতীয় কাৰ্য আগন্তুক ৩ মাহৰ ভিতৰতে সম্পন্ন হ'ব বুলিও তেওঁ উল্লেখ কৰে । ইফালে কৃষি ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া বুলি উল্লেখ কৰি কৃষি মন্ত্ৰী অতুল বৰাই পৰিৱৰ্তিত জলবায়ুৰ সৈতে মুখামুখি হৈ কৃষি ক্ষেত্ৰত কৃষকক আগবঢ়াই নিয়াৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়েও অনুষ্ঠানতে আলোকপাত কৰে । 

অসম গেছ কোম্পানী লিমিটেডৰ মহাপ্ৰৱন্ধক হৰেণ মহন্তই উদ্বোধনী ভাষন প্ৰদান কৰা এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই বোকাখাত নগৰ বাসীক গেছ যোগানৰ বাবে লোৱা আঁচনিৰ বাবে কৰ্তৃপক্ষৰ শলাগ লয় । অনুষ্ঠানত বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া চম্পক ডেকা, ভাৰপ্ৰাপ্ত মহকুমাধিপতি পৰিস্মিতা দিহিঙ্গীয়া, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, সমাজকৰ্মী অনিমেষ শইকীয়া, দীপক হাজৰিকা, জিলা পৰিষদৰ উপ সভাপতি ৰশ্মি কাকতি, উপ পৌৰপতি ৰাণা দেৱনাথ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । অনুষ্ঠানৰ আৰম্ভনিতেই বোকাখাতৰ সত্যনাৰায়ণ মন্দিৰ সেৱা সদন চৌহদত বন্তি প্ৰজ্বলন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে, নাৰিকল ভাঙে ৰশ্মি কাকতিয়ে আৰু আঁতচনিৰ ফলক উন্মোচন কৰে মন্ত্ৰী অতুল বৰাই ।

*********