বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা দৰ্শনৰ বাবে কঁহৰাত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : বোকাখাত আৰু কাজিৰঙাত অগনন লোকে আদৰণি জনায় প্ৰধানমন্ত্ৰীক :

Aiidesh News  : 8 March 2024  : 

জৈৱবৈচিত্ৰ, গতিশীল জৈৱতন্ত্ৰ আৰু প্ৰকৃতিক সংগঠিত ৰূপৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল দৰ্শনৰ বাবে আজি বিয়লি কাজিৰঙাত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ আজি বিয়লি বোকাখাতৰ পানবাৰী কৃষিপামৰ বাকৰিত নিৰ্মান কৰি উলিওৱা অস্থায়ী হেলিপেডত অৱতীৰ্ণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ তেজপুৰৰ পৰা হেলিকপ্তাৰেৰে বোকাখাতলৈ আহে নৰেন্দ্ৰ মোডী ৷ পানবাৰীত হেলিকপ্তাৰৰ পৰা নামি গাড়ীৰে ৩৭ নং ৰাষ্ট্ৰীয় পথেদি তেওঁ কঁহৰাত থকা অসম আৰক্ষীৰ অতিথিশালালৈ যায় ৷ এই যাত্ৰা পথত অগনন লোকে উষ্ম আদৰণি জনায় দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক ৷ ৰাষ্ট্ৰীয় পথৰ কাষত নিৰ্মান কৰা অস্থায়ী মঞ্চত ৰাজ্যৰ ৩৬ টা সাংস্কৃতিক দলে ৰাজ্যৰ বাৰে ৰহনীয়া সাংস্কৃতি প্ৰধানমন্ত্ৰীৰ বাবে প্ৰদৰ্শন কৰে ৷ কলা এখন বিলাসী গাড়ীত দুৱাৰ খুলি থিয়হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পানবাৰীৰ পৰা কঁহৰালৈকে এই পথচোৱাত ৰাইজৰ অভিবাদন গ্ৰহন কৰে ৷ আজি নিশা আৰক্ষীৰ অতিথিশালাত কটায় কাইলৈ পুৱা নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰেদি প্ৰৱেশ কৰি ২ ঘন্টা সময় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ লগতে প্ৰকৃতিক শোভা দৰ্শন কৰিব ৷  কাজিৰঙা দৰ্শনৰ পিচতেই পুৱা ৯ বজাত পুনৰ হেলিকপ্তাৰেৰে তেওঁ অৰুণাচললৈ বুলি যাত্ৰা কৰিব ৷

উল্লেখ্য যে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰাৰ পিচত ৰাষ্ট্ৰীয় উদ্যানখনলৈ আনুষ্ঠানিক ভ্ৰমনসুচীৰে অহা নৰেন্দ্ৰ মোডী হ'ব প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী ৷ ৰাষ্ট্ৰীয় উদ্যানত নিশাটো কটোৱা প্ৰথম গৰাকী প্ৰধানমন্ত্ৰীও হ'ল নৰেন্দ্ৰ মোডী ৷ ইয়াৰ আগতে ১৯৫৬ চনৰ ২০ অক্টোবৰত দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুয়ে কাজিৰঙা দৰ্শন কৰিছিল ৷ সেই সময়ত কাজিৰঙা আছিল অভয়াৰণ্য ৷ এই ভ্ৰমনকালত জৱহৰলাল নেহেৰুৰ লগত তেওঁৰ কন্যা ইন্দিৰা গান্ধী আৰু জোৱাই  ফিৰোজ গান্ধীৰ উপৰিও ৫ জনীয়া এটা দলে হাতীত উঠি তেতিয়াৰ কাজিৰঙা দৰ্শন কৰিছিল ৷ জৱহৰলাল নেহেৰুৰ এই দলত সেই সময়ৰ লোকসভাৰ সদস্য অসমৰ যোগেন্দ্ৰ নাথ হাজৰিকাও আছিল ৷ উক্ত দিনা পুৱা ৫ বজাৰ পৰা ৭ বজালৈকে কাজিৰঙা দৰ্শন কৰিছিল জৱহৰলাল নেহেৰুৱে ৷ কাজিৰঙা অভয়াৰণ্যৰ ভিজিটৰ বুকত নিজহাতে স্বাক্ষৰ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ এই তথ্য আজিও সংৰক্ষিত হৈ আছে কাজিৰঙাত ৷ কাজিৰঙাৰ শতবৰ্ষ উদযাপনৰ স্মাৰক গ্ৰন্থতো প্ৰকাশ পাইছিল সবিস্তাৰে  ৷

ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা লালবাহাদুৰ শাস্ত্ৰীয়ে দেশৰ যাতায়ত আৰু ৰেল বিভাগৰ মন্ত্ৰী হৈ থকা সময়ত তেতিয়াৰ অসমৰ বনমন্ত্ৰী ৰামনাথ দাসৰ আমন্ত্ৰনত ১৯৫৩ চনত কাজিৰঙালৈ আহিছিল ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী হোৱাৰ আগতে ভাৰত চৰকাৰৰ পৰিকল্পনা সমিতিৰ সদস্য সচিব হিচাবে ১৯৮২ চনৰ ২৩ মাৰ্চত কাজিৰঙা দৰ্শন কৰাৰ তথ্য আছে কাজিৰঙাৰ দৰ্শনাৰ্থীৰ টোকাত ৷