বোকাখাতত দাৰ ঘাপত আহত এজন : উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষীৰ শূণ্যলৈ গুলী চালনা :

বোকাখাতত দাৰ ঘাপত আহত এজন : উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষীৰ শূণ্যলৈ গুলী চালনা :
Photo : Uttam Saikia
বোকাখাতত দাৰ ঘাপত আহত এজন : উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষীৰ শূণ্যলৈ গুলী চালনা :

বোকাখাতত দাৰ ঘাপত আহত এজন : উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষীৰ শূণ্যলৈ গুলী চালনা : 


AIIDESH NEWS : 17 May : 


বোকাখাত মহকুমাৰ ৰজাবাৰীৰ গড়োপাৰা নেপালীখুটিত আজি বিয়লি এজনৰ দাৰ ঘাপত গুৰুত্বৰভাৱে আহত হয় দিলীপ ঘাটোৱাৰ নামৰ এজন লোক ৷ যাৰ পটভূমিত উত্তপ্ত হৈ পৰে পৰস্থিতি ৷ পৰিস্থিতি  নিয়ন্ত্ৰনৰ বাবে আৰক্ষীয়ে চাৰি ৰাউণ্ড গুলী ফুটোৱাৰ লগতে লাঠি চালনাও কৰিব লগা হয় ৷ জানিব পৰা মতে গড়োপাৰা নেপলীখুটিৰ দিলীপ ঘাটোৱাৰ নামৰ লোকজনক একে গাওঁৰে জয়ন্ত দাস নামৰ এজন লোকে দাৰে ডিঙিত ঘপিয়াই আহত কৰে ৷ ঘটনাত দিলীপ ঘাটোৱাৰ গুৰুত্বৰ ভাৱে আহত হোৱাত স্থানীয় ৰাইজ উত্তেজিত হৈ জয়ন্ত দাসক কৰায়ত্ব কৰাৰ চেষ্টা কৰে ৷ ৰাইজৰ মুৰ্তি দেখি জয়ন্ত দাসে ঘটনাস্থলীৰ পৰা পলায়ন কৰি সমীপৰে এটা ঘৰত আত্মগোপন কৰে ৷ উত্তেজিত ৰাইজে জয়ন্ত দাসে আত্মগোপন কৰা  ঘৰটো ঘেৰাও কৰি জয়ন্ত দাসক ওলায় আহিবৰ বাবে দাবী জনায় ৷  এনে সময়তে বোকাখাতৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম নোহোৱাৰ বাবে দণ্ডাধীশক খবৰ দিয়ে ৷ বোকাখাতৰ মহকুমা দণ্ডাধীশ শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ অতিৰিক্ত আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ কিন্তু পৰিস্থিতি অধিক অৱনতি ঘটাত উত্তেজিত ৰাইজক আঁতৰাই পঠাবৰ বাবে আৰক্ষীয়ে শূণ্যলৈ ৪ জাঁই গুলী ফুটোৱাৰ উপৰিও লাঠী চালনাও কৰিব লগা হয় ৷ ইয়াৰ পাচতে উত্তেজিত ৰাইজ আঁতৰি যোৱাৰ বাবে আৰক্ষীয়ে আত্মগোপন কৰি আশ্ৰয় লৈ থকা ঘৰটোৰ ভিতৰৰ পৰা জয়ন্ত দাসক আটক কৰি বোকাখাত আৰক্ষী থানালৈ লৈ যায় ৷  ইফালে গুৰুত্বৰ ভাৱে আহত দিলীপ ঘাটোৱাৰক বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আজিৰ এই ঘটনাই বোকাখাতত চাঞ্চল্যৰ সৃষ্টি কৰে ৷