২ হাজাৰৰ অধিক পৰিয়ালৰ মাজত নগাঁওৰ ব্যৱসায়ী ৰুবুল শৰ্মাৰ সাহাৰ্য বিতৰণ

দেশত এতিয়া লক ডাউন, মহামাৰী কৰোণাত আক্ৰান্ত বিশ্ব। তৃতীয় বিশ্ৰৰ দেশ সফল হৈছে এই মহামাৰীৰ যুঁজত সংগ্ৰাম অব্যাহত ৰাখি।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোদীৰ বিচক্ষণতাৰ বাবে ৰক্ষা পৰিছে দেশৰ জনসাধাৰণ। প্ৰথম পৰ্যায়ৰ লক ডাউনৰ পিছত এতিয়া চলিছে দ্বিতীয় পৰ্য়ায়ৰ লক ডাউন।কিন্তু এই লকডাউনৰ ফলত সৰ্বসাধাৰণ খাটিখোৱা মানুহৰ জীৱন প্ৰৱাহ হৈ পৰিছে তথৈবচ। এতিয়া এইলোকসকলৰ কাষত ঠিয় দিছে এচাম সমাজহিতৈষী লোক। এই লোকসকলৰ মাজৰে এজন হৈছে নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, সামজকৰ্মী ৰুবুল শৰ্মা। এই ৰুবুল শৰ্মাৰ লগতে আগবাঢ়ি আহিছে তেওঁৰ আনকেইজনমান সৰ্তীৰ্থ ৰাম অৱতাৰ আগৰৱালা,ৰাধেশ্যাম, নয়ন দাস আৰু অংকুৰ বৰা। ৰুবুল শৰ্মাৰ নেতৃত্বত এই দলঠোৱে ইতিমধ্য বিগত সময়খিনিত বঢ়মপুৰ, শিৱস্থান, চলচলি,বামুণগাঁও, কুঠৰি,ননৈ আদি বিভিন্ন স্থানত প্ৰায় ২ হাজাৰ লোকক সাহাৰ্য সামগ্ৰী বিতৰণ কৰিছে। ৰাইজৰ পদূলীয়ে পদূলীয়ে এনেদৰ সংকতৰ সময়ত সহায়ৰ হাত আগবঢ়ো ৰুবুল শৰ্মাৰ বদান্যতাক এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে। আমি এইদেশ শৰ্মাৰ প্ৰচেষ্টাক শলাগ জনাইছোঁ।