অসম আন্দোলনৰ ৰণুৱা বোকাখাত বৰচাপৰিৰ জামালউদ্দিন আহমেদৰ দেহাৱসান ⦂ দুখৰ দিনত সঁহাৰি নেপালে ছাত্ৰ সন্থা আৰু অসম গন পৰিষদৰ ⦂
Aiidesh News ⦂ 4 December - 2024 ⦂
অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ এগৰাকী ৰণুৱা বোকাখাতৰ বৰচাপৰিৰ জামালউদ্দিন আহমেদে ৩ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ উৰ্দ্ধত । দীৰ্ঘদিন ধৰি একাঙ্গী ৰোগত আক্ৰান্ত আছিল জামালুদ্দিন আহমেদ । বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বানিজ্য বিভাগৰ স্নাতক জামালউদ্দিন আহেমেদ মহাবিদ্যালয় খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰো একালৰ সম্পাদক আছিল । অসম আন্দোলনৰ সময়ত আৰক্ষীয়ে আতিশয্যৰ পৰা ৰক্ষা পাবলৈ কাৰ্বি আংলঙত আত্মগোপন কৰিব লগাও হৈছিল জামালুদ্দিন আহমেদে । পৰৱৰ্তী সময়ত কাৰ্বি আংলংতেই জীৱনৰ ১৮ টাকৈ বছৰ এখন স্কুল স্থাপন কৰি পাৰ কৰাৰ পাছতো বিদ্যালয়খন প্ৰাদেশীকৃত নোহোৱাত বৰচাপৰিৰ ঘৰলৈ ঘূৰি আহে । ইয়াৰ পাছতে ক্ৰমশঃ ৰোগত আক্ৰান্ত হয় যদিও কাষৰে বৰচাপৰি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত স্বেচ্ছামূলক ভাৱে শিক্ষকতা কৰিছিল । এগৰাকী ভাল অভিনেতা আছিল জামালউদ্দিন আহেমেদ । জীৱনত প্ৰায় ডেৰকুৰি নাটকত অভিনয় কৰি খ্যাতিও অৰ্জন কৰিছিল । তেওঁ নৱজ্যোতি শিল্পী সমাজ আৰু পদাতিক গোষ্টীৰ এগৰাকী সক্ৰীয় কৰ্মী ৰূপে জড়িত আছিল । জিলা খনৰ ভিতৰত অনুষ্ঠিত হোৱা একাংকিকা নাট প্ৰতিযোগিতা একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । শেহতীয়া ভাৱে কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ লগত জড়িত হৈছিল । উল্লেখ্য যে তেওঁৰ দুখৰ দিনত ছাত্ৰ সন্থা অথবা অসম আন্দোলনৰ ফলশ্ৰুতিত জন্মলাভ কৰা অসম গণ পৰিষদৰ কোনো নেতা কৰ্মীয়ে খবৰ নল'লে তেওঁৰ । মৃত্যুৰ সময়ত জামালউদ্দিন আহেমেদে পত্নী আৰু একমাত্ৰ কন্যাক এৰি থৈ গৈছে। জামাল উদ্দিন আহমেদৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ।
********