হিমা দাসৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

হিমা দাসৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

দেশত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। সকলোৱে এতিয়া সামাজিক দুৰত্ব বজাই ৰাখি ক’ৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভি়ডিঅ’  কনফাৰেঞ্চিঙ জৰিয়তেই প্ৰতিখন ৰাজ্যৰ শেহতীয়া তথ্য লৈছে। তাৰ মাজতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৪০গৰাকী তাৰকা খেলুৱৈৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙত ভাগ লয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে হিমা দাসৰ লগতে  দেশত ৪০গৰাকী তাৰকাৰ সৈতে  ভিডিঅ’ কনফাৰেঞ্চিঙ ৰ যোগেদি ক’ৰোণা মহামাৰী সন্দৰ্ভত আলোচনাত মিলিত হয়।  শচীন টেণ্ডুলকাৰ, সৌৰভ গাংগুলী, পি ভি সিন্ধুৰ সৈতেও কথা পাতিলে মোদীয়ে । ক’ৰোণা প্ৰতিৰোধৰ  যুঁজ খনত তেওঁলোকৰ পৰা সহযোগিতা বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে। সকলো তাৰকাই প্ৰধানমন্ত্ৰীক এই যুঁজত সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।