কাজিৰঙাত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ দ্বিতীয় দিনৰ কাৰ্যসুচী হস্তী দিৱস হিচাবে উদযাপন :

কাজিৰঙাত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ দ্বিতীয় দিনৰ কাৰ্যসুচী হস্তী দিৱস হিচাবে উদযাপন  :
Aiidesh Photo

Aiidesh News  :  3rd October 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মিহিমুখত আয়োজিত গনেশ পূজাৰে আজি পুৱা আৰম্ভ হয় ৬৮ সংখ্যক বন্যপ্ৰাণী দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসুচী হস্তী দিৱস ৷ হস্তী দিৱসৰ পুৱাই কাজিৰঙাৰ বিভাগীয় হাতীৰ মুখ্য পৰিচালক  কিৰণ ৰাভাই  বন্তি প্ৰজ্বলন কৰি গনেশ পূজাৰ শুভাৰম্ভ কৰে ৷ 

পৰৱৰ্তী সময়ত হস্তী দিৱসৰ অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলী, সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী, অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, কঁহৰাৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈ, বাগৰিৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইকবাল আহমেদৰ উপৰিও কাজিৰঙাৰ অৱসৰ প্ৰাপ্ত বিভাগীয় হাতী মাউত, বনকৰ্মীৰ লগতে কাষৰীয় অঞ্চলৰ  শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷

ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ ভাষণেৰে আৰম্ভ হোৱা হস্তী দিৱসৰ আজিৰ বিশেষ অনুষ্ঠানত কাজিঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে সমল ব্যক্তি হিচাবে উপস্থিত থাকি হাতীৰ বিষয়ে উপস্থিত ছাত্ৰ ছাত্ৰীৰ মাজত মত বিনিময় কৰে ৷ অনুষ্ঠানত গনেশ পূজাৰ প্ৰসাদ বিতৰণৰ লগতে বিভাগীয় হাতীক সকলোয়ে আহাৰ প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত কাজিৰঙাৰ অৱসৰ প্ৰাপ্ত হাতী মাউত ৰাজেন বসুমতাৰী, শংকৰ কৰ্মকাৰ ,উমেশ ৰাভা আৰু নগেন ইংতিয়ে নিজৰ অভিজ্ঞতাৰে ছাত্ৰ ছাত্ৰীৰ লগত হাতী সম্পৰ্কে মত বিনিময় কৰে ৷

জেষ্ঠ সাংবাদিক উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কাজিৰঙাত কৰ্মৰত বেচৰকাৰী প্ৰকৃতি সংগঠন কৰবেট ফাউণ্ডেচন, আৰণ্যক,  বিশ্ব প্ৰকৃতি নিধি,  ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু ভুমি য়ে সহযোগিতা আগবঢ়ায়  ৷

*******