মৰিয়নীত হোম কোৱাৰেন্টাইনত থকা কোভিদ 19 পজিটিভৰ প্ৰথমটো ঘটনা

মৰিয়নীত হোম কোৱাৰেন্টাইনত থকা কোভিদ 19 পজিটিভৰ প্ৰথমটো ঘটনা

মৰিয়নীৰ তিনিজনকৈ ব্যক্তিৰ দেহাত  কোভিড ১৯ ধৰা পৰাক লৈ মৰিয়নিত সৃষ্টি হৈছে  তীব্ৰ চাঞ্চল্য। মৰিয়নী 2নং ৱাৰ্ডৰ গান্ধী নগৰৰ ৰীনা ভৌমিক আৰু উদয়পুৰ নিবাসী  কমল বৰুৱা আৰু টিংকু বৰুৱাৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কোভিদ ১৯ পজিটিভ। ইয়াৰে কমল বৰুৱা আৰু তেওঁৰ পুত্ৰ টিংকু বৰুৱা কিছুদিন পূৰ্বে দিল্লীৰ পৰা আহি হোম কোৱাৰেন্টাইনত আছিল  । আনহাতেদি ৰীনা ভৌমিক যোৱা ২৮ জুনত গুৱাহাটীৰ পৰা আহি হোম  কোৱাৰেন্টাইনত আছিল। ইতিমধ্যে স্বাস্থ্যবিভাগে তিনিও জনকে   যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে হোম কোৱাৰেণ্টাইনত থকা ৰীনা ভৌমিকৰ পিতৃয়ে মৰিয়নি নগৰৰ SBI কমপ্লেক্সত থকা ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখা বুলি জানিব পৰা গৈছে আৰু ইয়াক লৈ মৰিয়নিত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।