বোকাখাতত দিন দুপৰতে মটৰ চাইকেল আৰোহীক গুলীয়াই মটৰচাইকেল লৈ উধাও দুৰ্বৃত্ত : এটা দিনতে দুখনকৈ মটৰচাইকেল লৈ যোৱাৰ পিচত অসহায় আৰক্ষী :

বোকাখাতত দিন দুপৰতে মটৰ চাইকেল আৰোহীক গুলীয়াই মটৰচাইকেল লৈ উধাও দুৰ্বৃত্ত  : এটা দিনতে দুখনকৈ মটৰচাইকেল লৈ যোৱাৰ পিচত অসহায় আৰক্ষী  :
Aiidesh Photo
বোকাখাতত দিন দুপৰতে মটৰ চাইকেল আৰোহীক গুলীয়াই মটৰচাইকেল লৈ উধাও দুৰ্বৃত্ত  : এটা দিনতে দুখনকৈ মটৰচাইকেল লৈ যোৱাৰ পিচত অসহায় আৰক্ষী  :

Aiidesh News  : 16 November 2023  :

দূৰ্গা পূজাৰ পৰাই বোকাখাত চলি থকা মটৰ চাইকেল চুৰি ঘটনাৰ মাজতে বোকাখাতৰ সমীপৰ লতাবাৰীত ১৬ নবেম্বৰৰ বিয়লি এক চাঞ্চল্যকৰ ঘটনা সংঘৰ্টিত হয় ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ বুলি আহি থকা এজন শিক্ষক মটৰচাইকেল আৰোহীক ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে গুলীয়াই আহত কৰি অচিনাকী দুৰ্বৃত্তই লৈ যায় মটৰ চাইকেল ৷ প্ৰাপ্য তথ্য মতে বোকাখাতৰ ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক উদয় চাংমাই বিদ্যালয়ৰ ছুটিৰ পিচত নিজৰ বাজাজ ডমিন’ৰ মটৰ চাইকেলেৰে বোকাখাতৰ সেউজীপাৰৰ নিজ বাসগৃহলৈ আহি থাকোতে লতাবাৰীৰ লক্ষীমন্দিৰৰ সমীপতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ পৰা দুৰ্বৃত্তই গুলী মাৰে ৷ দুৰ্বৃত্তৰ গুলী উদয় চাংমাই সোঁভৰিত লগাত পথৰ ওপৰতে তেওঁ বাগৰি পৰে ৷ এই সুযোগতে দুৰ্বৃত্তই শিক্ষক জনৰ মটৰচাইকেল খন লৈ উধাও হয় ৷ ঘটনাৰ পিচত উদয় চাংমাইৰ সতীৰ্থ শিক্ষক আহি ঘটনাস্থলীত উপস্থিত হৈ উদয় চাংমাইক উদ্ধাৰ কৰি বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ আনে ৷ বোকাখাতত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি তেওঁ যোৰহাটৰ চিকিৎসা মহাবিদাযলয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উদয় চাংমাইৰ সতীৰ্থ শিক্ষকে জনোৱা মতে দুৰ্বৃত্তই উদয় চাংমাই লৈ লক্ষ্য কৰি একাধিক গুলী মাৰে ৷ উদ্য় চাংমাইৰ সোঁ ভৰিত এটা গুলী লগাৰ উপৰিও ঘটনাস্থলীত আৰু গুলী পৰি ৰোৱা বুলিও জনায়  ৷

এই ঘটনাৰ দুঘন্টাৰ পিচতেই বোকাখাতত নগৰৰ মাজ মজিয়াৰ ৰাজহুৱা খেলপথাৰৰ সমীপৰ পৰা দিনৰ পোহৰতেই চোৰে আন এখন মটৰ চাইকেল লৈ উধাও হয় ৷ একে দিনাই দি দুপৰতে দুখনকৈ মটৰচাইকেল চুলি আৰু মটৰচাইকেল আৰোহীক গুলীওৱা ঘটনাই সমগ্ৰ বোকাখাততেই চঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দূৰ্গা পূজাৰ পিচৰে পৰাই বোকাখাত আৰু ইয়াৰ কাষৰীয় অঞ্চলৰ পৰা ভালে সংখ্যক মটৰ চাইকেল পৰিকল্পিত ভাৱে চোৰে লৈ যাবলৈ সক্ষম হৈছে ৷ ইয়াৰ পিচতো বোকাখাত নগৰৰ মাজ মজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিতে এজন পৰিদৰ্শৰ অধীনতে থকা বোকাখাত আৰক্ষীৰ দলে অসহায় হৈ যেন চাইহে ৰৈছে ৷

*******