ডলামৰাৰ জাপিজুৰিত হত্যাকাণ্ড : পাৰিবাৰিক কন্দলৰ পৰিনতি : স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু :

ডলামৰাৰ জাপিজুৰিত হত্যাকাণ্ড  : পাৰিবাৰিক কন্দলৰ পৰিনতি :  স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু  :
Aiidesh Photo

Aiidesh News  : 17 September  2023  :

বোকাখাতৰ সমীপৰ কাৰ্বি আংলং জিলাৰ ডলামৰাৰ জাপিজুৰি নামৰ গাওঁত আজি এক জঘন্য হত্যাকাণ্ড সংঘৰ্টিত হয় ৷ দিন দুপৰতে মহেশ ওৰাঙে নামৰ ব্যক্তিজনে দাৰে ঘপিয়াই হত্যা কৰে নিজৰ দ্বিতীয় পত্নীক ৷ পাৰিবাৰিক কণ্ডলৰ চৰম পৰিণতিত এই সংঘৰ্টিত হোৱা বুলি জানিব পৰা গৈছে ৷ মহেশ ওৰাংৰ দুগৰাকী পত্নীৰ মাজত সঘনাই হৈ থকা মনোমালিন্যৰ বাবেই এই ঘটনাৰ সুত্ৰপাত হয় ৷ পিচত  নিজৰ দ্বিতীয় পত্নী ভনীমাই ওৰাঙক দাৰে আক্ৰমন কৰে স্বামী মহেশ ওৰাঙে ৷ মহেশ ওৰাংৰ দাৰ ঘাপত নিহত হয় ভনীমাই ওৰাংৰ ৷ ডলামৰা আৰক্ষীয়ে ইতিমধ্যেই ঘাটক মহেশ ওৰাঙক গ্ৰেপ্তাৰ কৰাৰ লগতে মৰোনোত্তৰ পৰীক্ষাৰ বাবে ভনীমাই ওৰাংৰ মৃতদেহ প্ৰেৰণ কৰিছে ৷ 

******