বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দহ দিনীয়া 'বিহু নাচ আৰু ঢোলবাদন কর্মশালা'ৰ আৰম্ভ: চাৰি শতাধিক লৰা ছোৱালীৰ অংশ গ্ৰহন:

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দহ দিনীয়া 'বিহু নাচ আৰু ঢোলবাদন কর্মশালা'ৰ আৰম্ভ: চাৰি শতাধিক লৰা ছোৱালীৰ অংশ গ্ৰহন:
Aiidesh photo

Aiidesh News : 28 March - 2026 :

বিগত সময়ৰ দৰে এইবাৰো আজিৰে পৰা অহা ৬ এপ্রিল লৈকে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতৰ ৰাজহুৱা খেলপথাৰত, ১০ দিনীয়া 'বিহু নাচ আৰু ঢোলবাদন কর্মশালা'ৰ আয়োজন কৰা হৈছে । এই কৰ্মশালাত ইতিমধ্যেই বোকাখাতৰ বিভিন্ন প্ৰান্তৰৰ ৪ শতাধিক ল'ৰা ছোৱালীয়ে অংশ গ্ৰহন কৰিছে। আজিৰে পৰা আৰম্ভ হোৱা এই কৰ্মশালাত বোকাখাতৰ ঢোলীয়া দেবেন গগৈ আৰু প্ৰাক্তন বিহুৰাণী মনিকাঞ্চন কোঁৱৰে ঢোল আৰু বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিব। ৬ মাৰ্চত শেষ হ'ব লগা এই বিহু নাচ আৰু ঢোলবাদন কর্মশালাৰ সামৰণী পৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আনুষ্ঠানিকভাৱে কৰ্মশালা উদ্বোধন কৰে। অনুষ্ঠানতে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আৰু বোকাখাত ছাত্ৰ সন্থাৰ প্ৰয়াত নেতা দাদুল বৰাৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে দ্বিজেন নাথ, মনালিছা শইকীয়া, আনিচুৰ ৰহমান আৰু বিপুল গগৈ আৰু বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ বিশ্বজিত দেৱনাথে । অনুষ্ঠানত বোকাখাত আঞ্চলিক আৰু মহকুমা ছাত্ৰ সন্থাৰ সকলো কৰ্মকৰ্তা উপস্থিত থাকে।

********