হাতীৰ সৈতে সহাৱস্থান : মেঘালয় বন বিভাগ আৰু আৰণ্যকৰ উদ্যোগত সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া আৰু জোৱানৰ মাজত সজাগতাৰ বিষেশ অনুষ্ঠান :

হাতীৰ সৈতে সহাৱস্থান : মেঘালয় বন বিভাগ আৰু আৰণ্যকৰ উদ্যোগত সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া আৰু জোৱানৰ মাজত সজাগতাৰ বিষেশ অনুষ্ঠান :
Aiidesh Photos
হাতীৰ সৈতে সহাৱস্থান : মেঘালয় বন বিভাগ আৰু আৰণ্যকৰ উদ্যোগত সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া আৰু জোৱানৰ মাজত সজাগতাৰ বিষেশ অনুষ্ঠান :
হাতীৰ সৈতে সহাৱস্থান : মেঘালয় বন বিভাগ আৰু আৰণ্যকৰ উদ্যোগত সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া আৰু জোৱানৰ মাজত সজাগতাৰ বিষেশ অনুষ্ঠান :

 

Aiidesh News : 19 February 2024 :

মেঘালয়ৰ চৰকাৰৰ বন বিভাগে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক সহযোগত ৰাজ্যখনৰ গাৰো পাহাৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰ বাবে এছিয়ান হাতী সম্পৰ্কীয় এক বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে ।

ভাৰত - বাংলাদেশৰ সীমান্তৰ এই অঞ্চলত পহৰাত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে সঘনাই এই বনৰীয়া হাতীৰ সন্মুখীন হয় ।  অঞ্চলটোত কেতিয়াবা হাতী আৰু মানুহৰ মাজতো সংঘাতৰ সৃ্টিও হয়  । যাৰ পটভুমিত সীমান্ত সুৰক্ষা বাহিনীয়ে এছিয়ান হাতীৰ আচৰণ আৰু সহাৱস্থানৰ সম্ভাৱ্য ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে মেঘালয়ৰ বন বিভাগক আমন্ত্ৰণ জনাইছিল । মেঘালয়ৰ বনবিভাগে আৰণ্যকৰ এটা সমল গোটৰ সহায়ত মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ মহাদেউস্ত থকা সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰথম বেটেলিয়ন শিৱিৰত য়োৱা  ১৬ ফেব্ৰুৱাৰীত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে । অনুষ্ঠানত আৰণ্যকৰ বিষয়া অভিজিৎ বৰুৱাই ‘এনকাউন্টাৰিং দ্যা জায়েণ্টছ : আন্দাৰষ্টেণ্ডিং এলিফেণ্ট বিহেভিয়াৰছ’ শীৰ্ষক আৰু আন এগৰাকী বিষয়া অনুষ্কা শইকীয়াই ‘মানৱ-হাতী সংঘাতৰ পৰা সহাৱস্থানলৈ’ শীৰ্ষক বিষয়ত জোৱান সকলৰ সৈতে আলোচনা কৰে ।

 

সীমান্ত সুৰক্ষা বাহিনীৰ বেটেলিয়ন শিৱিৰৰ উপ অধিনায়ক সঞ্জয় সিঙে ৩৫ জন জোৱানৰ সৈতে এই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত বাঘমাৰাৰ ৰেঞ্জ বিষয়া চিনচিন চাংমা আৰু ছিজু বন্যপ্ৰাণী অভয়াৰণ্যৰ ভাৰপ্ৰাপ্ত বিষয়া স্কিলছন ডি মাৰাকৰ লগতে ১৭ জন বনকৰ্মীয়েও অংশগ্ৰহণ কৰে ।

মোঘালয়ত আয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ এই বিশেষ অনুষ্ঠান প্ৰসংগত আৰণ্যকৰ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে কয় য়ে“আমেৰিকাৰ মৎস্য আৰু বন্যপ্ৰাণী সেৱাৰ সহযোগত আৰণ্যকে বহু অংশীদাৰক জড়িত কৰি আৰু বহুমুখী দৃষ্টিভঙ্গীৰে অসম আৰু মেঘালয়ত হাতী সংৰক্ষণৰ বাবে কাম কৰি আহিছে । এনে সজাগতা কাৰ্যসূচীসমূহ হাতী সংৰক্ষণ সামগ্ৰিক পদক্ষেপৰ এক অংশ বিশেষ আৰু যথেষ্ট ফলপ্ৰসুও ।

উল্লেখ্য যে মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলত অব্যাহত থকা আৰণ্য়কৰ বিশেষ সজাগতা  অভিযানৰ অংশ হিচাপে ১৬ ফেব্ৰুৱাৰীত এই কাৰ্যসূচী অনুস্থিত কৰা হয় । ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাত সীমান্ত সুৰক্ষা বাহিনীৰ ৫০ নং বেটেলিয়নৰ বাবে অনুৰূপ এখন সজাগতা কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল । পূব আৰু পশ্চিম গাৰো পাহাৰৰ ডালুত সীমান্ত সুৰক্ষা বাহিনীৰ ১০০ নং বেটেলিয়নৰ বাবে আজি পৰৱৰ্তী সজাগতা কৰ্মশালা অনুষ্ঠিত কৰা হ’ব বুলি আৰণ্যকৰ তৰফৰ পৰা জালিবলৈ দিয়ে ।

*************