সোণাৰিত আছুৰ উত্তাল প্ৰতিবাদ

চৰাইদেউ জিলাৰ অন্যতম ব্যস্ত  চফ্ৰাই-চেপন সংযোগী পথৰ ওপৰত থকা দলং বিধ্বস্ত হৈ পৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই। চেপন, ডোমৰ দলং, দিচাং পানী, চফ্ৰাই, অভয়পুৰ সংযোগী দিচাংপানী দলংখন দিচাং নদীৰ গৰাখহনীয়াই ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই আজি প্ৰতিবাদ সাব্যস্ত কৰিলে। দিচাংপানী দলংখনৰ এটা মুৰ গৰাখহনীয়াই চিঙি নিয়াৰ উপক্ৰম কৰাৰ পাচতো গড়কাপ্তানী বিভাগ তথা জলসম্পদ বিভাগে গুৰুত্ব নিদিয়াত গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা মাহমৰাৰ বিধায়ক যোগেন মহনৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ শতাধিক সদস্যই। দিচাংপানী দলঙৰ ওপৰত একঘণ্টাজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত দলঙৰ দুয়োমূৰে শতাধিক যান-বাহন আৱদ্ধ পৰে।