পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চল : ফিটা কাটি দ্বাৰ মুকলি কৰে মন্ত্ৰী অতুল বৰাই :
Aiidesh News : 18 October - 2025 :
আজি পুৱাৰে পৰা বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চল । এই উপলক্ষে আজি পুৱাতে অগৰাতলি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত দেশী-বিদেশী পৰ্যটকৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ, বোকাখাত সমজিলা আয়ুক্ত শিৱানী জাৰ্নগেল, ভাৰত চৰকাৰৰ বানিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উত্তৰ পুৰ্বাঞ্চলৰ মাণ্ডলিক মুৰব্বী সন্দিপ চাহা, ব্যৱসায় সম্প্ৰসাৰণ প্ৰৱন্ধক ড৹ চাজু অধিকাৰীৰ, নিউজিলেণ্ড চৰকাৰৰ কুটনীতিবিদ এশ্বান জয়বৰ্ধেনাৰ লগতে জাৰ্মানীৰ পৰ্যটক । এই অনুষ্ঠানতে অগৰাতলি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰৰ ফিটা কাটি আনুষ্ঠানিক ভাৱে মুকলি কৰা পিছত দেশী বিদেশী পৰ্যটকৰ লগতে মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই জীপ চাফাৰীৰে অগৰাতলি বনাঞ্চলৰ চহলা বিলৰ পাৰত পৰিভ্ৰমণ কৰে । উদ্যান দৰ্শনৰ পিচতেই অগৰাতলি বনাঞ্চলৰ সামুহিক গৃহত আয়োজিত সম্বৰ্ধনা সমাৰোহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা সকলো অতিথিকে সম্বৰ্ধনা জনোৱা হয় ৷ এই সম্বৰ্ধনা অনুষ্ঠানতে অতিথি সকলক অগৰাতলি পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ উদ্যোগত মেটেকাৰ পৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী, হাতেৰে নিৰ্মান কৰা কাগজ আৰু মেটেকাৰ আঁহেৰে কাপোৰ প্ৰস্তুত কৰাৰ কৌশল আদি প্ৰদৰ্শন কৰা হয় ৷ অনুষ্ঠানত অগৰাতলিৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, অগৰাতলি জীপ চাফাৰী সন্থাৰ বিষয় ববীয়া , বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া হিমাংশু গগৈৰ উপৰিও কুম্ভীৰ কাগজ নামৰ উদ্যোগটোৰ প্ৰতিনিধি আৰু স্থানীয় লোক উপস্থিত থাকে ৷
**********