বোকাখাতত মন্ত্ৰী অতুল বৰাৰ এলানি উদ্বোধনী অনুষ্ঠান : থানুৰাম শইকীয়া পথ আৰু অত্যাধুনিক মল্টি জিমৰ উন্মোচন :

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ এলানি উদ্বোধনী অনুষ্ঠান  : থানুৰাম শইকীয়া পথ আৰু অত্যাধুনিক মল্টি জিমৰ উন্মোচন  :
Aiidesh Photo
বোকাখাতত মন্ত্ৰী অতুল বৰাৰ এলানি উদ্বোধনী অনুষ্ঠান  : থানুৰাম শইকীয়া পথ আৰু অত্যাধুনিক মল্টি জিমৰ উন্মোচন  :

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ এলানি উদ্বোধনী অনুষ্ঠান  : থানুৰাম শইকীয়া পথ আৰু অত্যাধুনিক মল্টি জিমৰ উন্মোচন  :


Aiidesh News  : 6 February  : 


ভাৰতবৰ্ষৰ পাছখন উন্নয়নশীল ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্য খনক এখন উন্নয়নশীল ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহৰহ প্ৰচেষ্টা চলাই আহিছে ।এই ক্ষেত্ৰত অসমৰ জনসাধাৰণে সক্ৰিয়তাৰে সহযোগ কৰা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বছেৰেকত দুটা খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগে অতি তৎপৰতাৰে সহযোগিতা আগবঢ়াই আহিছে  আৰু এই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ ৰাজ্য চৰকাৰে চেষ্টা কৰি আহিছে। হয়, আমি অধিক কৰ্মমূখী হ'ব লাগিব, তেতিয়াহে আমাৰ ৰাজ্য খন আৰ্থিক ভাবে অধিক স্বচ্ছল হ'ব। এই মন্তব্য কৰে কৃষি পশুপালন বিভাগৰ মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই । 


আজি বোকাখাত পৌৰ সভাৰ অন্তৰ্গত ম'হমাইকী গাৱঁৰ লোক নিৰ্মান বিভাগে নিৰ্মাণ কৰা পথ এটা সমাজ সেৱক প্ৰয়াত থানুৰাম শইকীয়াৰ নামত নামাকৰন কৰি উন্মোচন কৰাৰ উপলক্ষে আয়োজিত এক সভাত মন্তব্য প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই কয় যে পথটো নামাকৰন অতি সঠিক হৈছে। ক্ৰীড়া সংগঠক সমাজ সেৱক থানুৰাম শইকীয়া প্ৰকৃততে সমাজৰ উন্নয়ন  কৰা এজন লোক আছিল। এই সভাত প্ৰবীন সাংবাদিক ভৱেশ শইকীয়াই পৰিয়ালৰ হৈ পথটো থানুৰাম শইকীয়া পথ হিচাপে নামাকৰণ কৰি উন্মোচন কৰাত সন্তোষ প্ৰকাশ কৰে। অনুষ্ঠানত সমাজকৰ্মী আকাশ ফুকন ,দেৱপ্ৰদীপ বৰা,আদিয়ে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে অতুল বৰাই নাম ফলক উন্মোচন কৰাৰ পিছত ফিটা কাটি পথটো মুকলি কৰে ।


এই অনুষ্ঠানত সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা,জীৱেশ্বৰ বৰা, জীৱেশ্বৰ হাজৰিকা, অপূৰ্ব বৰদলৈ, মনোৰঞ্জন সেন,মহকুমাধিপতি ড: নেহা যাদৱ আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। পৰিয়ালৰ হৈ দিলীপ শইকীয়া, অৰুণ শইকীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ আঁত ধৰে ৰুবুল শইকীয়াই।


ইফালে পৌৰ নিৰ্বাচনক লক্ষ্য ৰূপে লৈ আজি বোকাখাতত স্থানীয় বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই বোকাখাত ১২ টাকৈ অনুষ্ঠান মুকলি কৰে। প্ৰথমে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত  স্থাপিত স্মৃতি উদ্যানত প্ৰতিষ্ঠিত ক্ৰমে শ্বহীদ বিজু বাউৰী, শ্বহীদ কমলা মিৰি,শিল্পী আইদেউ সন্দিকৈ,বীৰাঙ্গণা সতী সাধনী,আৰু পত্নী ৰাধিকাৰ বিশাল প্ৰতিমূৰ্ত্তি শুভ উন্মোচন কৰে। ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে নাহৰজান তিনিআলি উপপথ,সাতোলা গাঁও পথ,ঘোষ পট্টি ৰোড, মহকুমা পৰিষদৰ পৰা অনন্ত হাজৰিকা সংযোগী পথ,কৰৈআঁটি গাঁৱৰ পকী নলা,আনন্দপুৰ বাগিছা পথ,নগৰৰ ৰাজহুৱা টয়লেট আৰু বোকাখাত ষ্টেডিয়ামত মাল্টি জিম এটা উদ্ধোধন কৰে ৷ 


বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত বোকাখাত বোকাখাত ক্ৰীড়া ক্ষেত্ৰ খনলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন খেলুৱৈ তথা বৰ্তমান ক্ৰীড়া ক্ষেত্ৰ খনলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ সকলক মানপত্ৰ গামোছাৰে সম্বৰ্ন্ধনা জনায়। অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ড: নেহা যাদব , সমাজকৰ্মী দেবপ্ৰদীপ বৰা ,জেষ্ঠ সাংবাদিক জিতু শৰ্ম্মা ৰাজখোৱা,জীৱেশ্বৰ হাজৰিকা, আকাশ ফুকন, ডা৹ পুলিন বৰকটকী,আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

********