গোলাঘাট আৰু নগাওঁ জিলাৰ সীমাত ৰাষ্ট্ৰীয় পথত চালক সহ তিনিখন চোৰাং কাঠৰ গাড়ী জব্দ :

গোলাঘাট আৰু নগাওঁ জিলাৰ সীমাত ৰাষ্ট্ৰীয় পথত চালক সহ তিনিখন চোৰাং কাঠৰ গাড়ী জব্দ :
Aiidesh Photo

Aiidesh News  : 29 March - 2024  :

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং ব্যৱসায় ৷ বন্যপ্ৰাণী সুৰক্ষা আইনৰ ধাৰা মতে সুৰ্যাস্তৰৰ পিচত বনজ সম্পদ কঢ়িওৱাতো আইন বিৰুদ্ধ ৷ এনে অৱস্থাতে আজি পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বনকৰ্মীয়ে ৰাষ্ট্ৰীয় পথত চলোৱা তালাচীত অবৈধ কাঠেৰে সৈতে তিনিখন ৭০৯ গাড়ী জব্দ কৰে ৷ জব্দ কৰা গাড়ী তিনিখনৰ দুখনৰ পঞ্জীয়ন নম্বৰ হ'ল এ এছ ০৩ - এ চি - ২১৬৮ আৰু এ এছ ০৩ - এ চি ২৬৮১ ৷ বাকী  এখন গাড়ীৰ নম্বৰ প্লেট নাই ৷ তিনিখন  গাড়ীৰে চালক ক্ৰমে মুন্নাচ আলী, চজিবুল আলী আৰু ৰফিকুল ইছলাম কো আটক কৰে বনকৰ্মীৰ দলে ৷ বাগৰিত নগাওঁ আৰু গোলাঘাট জিলাৰ সীমাতে বনকৰ্মী সকলে আজি পুৱতি নিশা   চালকেৰে সৈতে গাড়ী তিনিখন জব্দ কৰে ৷ সম্প্ৰতি জব্দ কৰা গাড়ী তিনিখন বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ৰাখি চালক সকলক সোধপোচ কৰি আছে বন বিষয়াই ৷ প্ৰাপ্য তথ্য মতে তিনিওখন গাড়ীয়েই কাৰ্বি আংলং জিলাৰ পাহাৰৰ পৰাই কাঠ লৈ ওলায় আহিছিল ৷

*********