কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা চলোৱা তিনিটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ : ৩৹৩ ৰাইফল আৰু সজীৱ গুলী উদ্ধাৰ :

কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা চলোৱা তিনিটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ : ৩৹৩ ৰাইফল আৰু সজীৱ গুলী উদ্ধাৰ  :
Aiidesh photo

Aiidesh News : 17 October - 2025 : 

বিশ্বনাথ আৰক্ষীৰ অপৰাধ শাখাৰ জেষ্ঠ অধীক্ষকৰ নেতৃত্বত মাজুলী আৰক্ষী আৰু লখিমপুৰ আৰক্ষীৰ সৈতে বিশ্বনাথ আৰক্ষীয়ে আজি চলোৱা এক যুটীয়া অভিযানত কাজিৰঙাৰ গঁড় হত্যাৰ পৰিকল্পনা চলোৱা তিনিটা চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ গঁড় হত্যাৰ পৰিকল্পনা চলাওতে কৰায়ত্ব হোৱা  এই তিনিটা চোৰাংচিকাৰী হ’ল গহপুৰ ধেনুধাৰা গাওঁৰ মুহিকান্ত পেগু, মাজুলীৰ গড়মুৰ মিচামৰাৰ গাওঁৰ মনোজ পাঠৰী আৰু মাজুলী কৰটিপাৰ উখালচুক গাওঁৰ কিৰণ পেগু ৷ গ্ৰেপ্তাৰ কৰা অভিযুক্ত চোৰাংচিকাৰী তিনিটাৰ পৰা পোৱা তথ্যৰ আধাৰত অভিযানকাৰী দলে গহপুৰৰ নিউদণ্ডি গাওঁৰ দেৱজিৎ পেগুৰ বাসগৃহৰ পৰা গঁড় হত্যাৰ বাবে অনা এটা ৩০৩ ৰাইফল আৰু ৯ টা ৭০ মিমি ১২-ব'ৰৰ সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে ৷ অভিযান কালত দেৱজিত পেগুয়ে পলায়ন কৰে বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷ ঘটনা সম্পৰ্কত এটা গোচৰ ৰজু কৰি তদনেত আৰম্ভ কৰিছে বিশ্বনাথ আৰক্ষীয়ে ৷

**********