শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত বোকাখাতত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ : প্ৰাথমিক শাখা আৰু আঞ্চলিক শাখাৰ সভাপতি -সম্পাদকৰ যুটীয়া সন্মিলন :

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত বোকাখাতত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ : প্ৰাথমিক শাখা আৰু আঞ্চলিক শাখাৰ সভাপতি -সম্পাদকৰ যুটীয়া সন্মিলন  :

Aiidesh News  :  28 May - 2024  : 

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ নামঘৰত জিলা ভিত্তিত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু প্ৰাথমিক শাখা আৰু আঞ্চলিক শাখাৰ সভাপতি -সম্পাদকৰ যুটীয়া সন্মিলন সম্পন্ন হয় । কাৰ্যসূচী অনুসৰি পুৱা জিলা প্ৰচাৰ শাখাৰ সম্পাদক পদ্মেশ্বৰ গগৈয়ে প্ৰাতঃ প্ৰসঙ্গ কৰা পিছতে জিলা সেৱা বাহিনীৰ জিলাধিনায়ক লোহিত কুমাৰ মৰাংৰ নেতৃত্বত জিলা নামঘৰ চৌহদত পৰিৱেশ নিকাকৰণ কৰে । পুৱা ন বজাত জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইং এ পৱিত্ৰ ধৰ্মধবজা উত্তোলন কৰা মূহুৰ্তত জিলা শাখাৰ বিষয়ববীয়া সকলৰ লগতে প্ৰতিকুল বতৰকো নেওচি শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ শিক্ষক গোট, পৰিচালনা সমিতি , অভিভাৱক তথা ছাত্ৰ -ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । 

মূল সঙ্ঘৰ প্ৰাক্তন সদস্য তথা শৰণ সদস্য যোগেশ লয়িঙে নাম-প্ৰসঙ্গ পৰিচালনা কৰা পিছতে জিলা শাখাৰ অন্তৰ্গত প্ৰাথমিক শাখা আৰু আঞ্চলিক শাখা সমূহৰ সভাপতি -সম্পাদকৰ যুটীয়া সন্মিলন ভাগ এভাগ প্ৰাৰ্থনাৰে আৰম্ভ কৰে জিলা শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক ধৰ্মেশ্বৰ হাজৰিকাই।জিলা সভাপতি ধনেশ্বৰ লইংৰ সভাপতিত্বত অনুষ্ঠিত আধ্যাত্মিক অনুষ্ঠান ভাগৰ আঁতধৰে কাৰ্যালয় সম্পাদক দিব্যজ্যোতি হাজৰিকাই । উদ্বোধনী বক্তৃতাৰে প্ৰদান কৰে  শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শিক্ষা শাখা সমিতিৰ সম্পাদক চন্দ্ৰ কান্ত ভূঞাই । 

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰপন্ন শিষ্য,বহাৰপো ,ধৰ্মীয় তথা শৈল্পিক উত্তৰাধিকাৰী মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা যুটীয়া সন্মিলনৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে বক্তৃতা প্ৰদান কৰে জিলা শাখাৰ সম্পাদক যতীন লইঙে । সন্মিলত সঙ্ঘৰ লক্ষ্য, উদ্দেশ্য, দায়িত্ব, কৰ্তব্য, সাংগঠনিক দক্ষতা আদি বিষয়সমূহ সামৰি হোৱা আলোচনাত জিলা শাখাৰ ছয়খন আঞ্চলিক শাখা আৰু প্ৰায় ৪৫খন প্ৰাথমিক শাখাৰ পৰা অংশগ্ৰহণ কৰা সভাপতি -সম্পাদকলৰ সঁহাৰি আছিল সন্তুষজনক । সভাতেই সিদ্ধান্ত হয় যে যোৰহাট জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব লগা মূল সঙ্ঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰথম দিনা দুপৰীয়া এসাঁজ সিদ্ধান্ন দিয়া হ'ব । তদুপলক্ষে কাৰ্যনিৰ্বাহ সভাই গঠন কৰি দিয়া আপ্যায়ন সমিতিৰ আহ্বান মৰ্মে উপস্থিত সভাপতি -সম্পাদক সকলে প্ৰাথমিক শাখাসমূহৰ সহযোগত পৰ্য্যাপ্ত সহায় -সহযোগ আগবঢ়োৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । সন্মিলন ভাগত বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ সঙ্গী সঞ্জীৱ হাজৰিকা আৰু ৰিজু হাজৰিকাই এভাগ কড লেছ মাইক্ৰ ফোন আগবঢ়াই । জিলা নতুনকৈ গঠিত শিৰোমণি প্ৰাথমিক শাখাক মূল সঙ্ঘই প্ৰেৰণ কৰা স্বীকৃতি পত্ৰ ভাগ প্ৰদান কৰা হয় । বিয়লি পাঁচ বজাত পৱিত্ৰ পতাকা অৱনমিত কৰা পিছতে  কাৰ্যসূচী সমাপ্ত হয়।

********