অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

 

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

কলা শাখাত প্ৰথম স্থান অধিকাৰ কৰিছে দুগৰাকী শিক্ষাৰ্থীয়ে। দৰঙৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পূবালী ডেকা আৰু নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ শ্ৰদ্ধা বৰগোহাঁয়ে লাভ কৰিছে প্ৰথম স্থান। দুয়োগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে মুঠ ৪৮১ নম্বৰকৈ। নগাঁৱৰ কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁই শিক্ষাৰ লগতে সংগীতৰ লগতো জড়িত। কেইবাটাও ৰাষ্ট্রীয় টেলিভিছনৰ ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰিছে শ্ৰদ্ধাই।মুম্বাইত অনুষ্ঠিত Voice India Kids, সাৰেগামাপা আৰু ঝংকাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংগীতৰ ক্ষেত্ৰত থকা নিজৰ প্ৰতিভাৰ উমান দিছে শ্ৰদ্ধা বৰগোহাঁয়ে