কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত বনাঞ্চলৰ নতুন বিষয়াৰ যোগদান : স্থানীয় যুৱক হিমাংশু গগৈ নতুন বনাঞ্চলিক বিষয়া :

Aiidesh News : 18 October - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলত ১৬ অক্টোবৰৰ বিয়লি নতুন বনাঞ্চলিক বিষয়া হিচাবে দায়ীত্বভাৰ গ্ৰহন কৰে কাজিৰঙাৰেই যুৱক হিমাংশু গগৈয়ে ৷ পূৰ্বৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালৰ পৰা তেওঁ বোকাখাত বনাঞ্চলৰ দায়ীত্বভাৰ গ্ৰহন কৰি বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া হিচাবে যোগদান কৰে ৷ দায়ীত্ব ভাৰ গ্ৰহন কৰিয়েই হিমাংশু গগৈয়ে ১৭ অক্টোবৰত বোকাখাতৰ বৰভেটা গাওঁত আয়োজিত পাৰিপাৰ্শ্চিক উন্নয়ন সমিতিৰ এখন সভাত যোগদান কৰি সমিতিখনৰ কাম কাজৰ বুজ লয় ৷ উল্লেখ্য যে বোকাখাত বনাঞ্চলত যোগদান কৰাৰ পুৰ্বে হিমাংশু গগৈয়ে শিৱসাগৰৰ বনাঞ্চলিক বিষয়া হিচাবে কৰ্মৰত আছিল ৷ হিমাংশু গগৈয়ে জীৱ বিজ্ঞানত শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ২০২০ চনত বন বিভাগত যোগদান কৰে ৷ স্থানীয় যুৱক হিচাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনাঞ্চলিক বিষয়া হিচাবে যোগদান কৰা হিমাংশু গগৈক সকলোয়ে শুভেচ্ছা জ্ঞাপন কৰে ৷
**********