দু’মাহত সংবাদপত্রৰ জগতত ক্ষতি ৪৫০০ কোটি টকা

Indian Print Media Faced a loss of Rs. 4500 Core during the Global Covis-19 Crisis.

দু’মাহত সংবাদপত্রৰ জগতত ক্ষতি ৪৫০০ কোটি টকা
সংবাদপত্রৰ জগত

 দেশত কৰোণা ভাইৰাছৰ  সংক্রমণ আৰু ইয়াৰ ফলত লকডাউনৰ বাবে যোৱা দুমাহত ভাৰতীয় সংবাদপত্রৰ জগত প্রায় চাৰি হাজাৰ কোটি টকাৰ লোকচান হৈছে।  সম্প্রতি কেন্দ্রীয় চৰকাৰক অৱগত কৰিছে ইন্ডিয়ান নিউজপেপাৰ চোচাইটি  (আইএনএস)য়ে। দেশৰ সংবাদপত্র-জগতৰ শীর্ষ সংগঠনটোৰ বক্তব্য, ‘অর্থনৈতিক কার্যকলাপ প্রায় ভাঙি পৰিছে। কোনো বিজ্ঞাপন নাই। আগন্তুক ছয়-সাত মাহলৈ এই লোকচান অব্যাহত থাকিব বুলি আশঙ্কা কৰা হৈছে (অর্থাৎ, অধিক ১২-১৫ হাজাৰ কোটি টকা লোকচানৰ সম্ভাবনা), যদি চৰকাৰে কোনো দ্রুত  পেকেজৰ ব্যবস্থা নকৰে।