কলিয়াবৰ মহকুমাৰ কুঠৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত কাজিৰঙাৰ গঁড় : শ্বাসৰুদ্ধ পৰিবেশত চলি আছে উদ্ধাৰ অভিযান :

কলিয়াবৰ মহকুমাৰ কুঠৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত কাজিৰঙাৰ গঁড় : শ্বাসৰুদ্ধ পৰিবেশত চলি আছে উদ্ধাৰ অভিযান :
Photo : Uttam Saikia
কলিয়াবৰ মহকুমাৰ কুঠৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত কাজিৰঙাৰ গঁড় : শ্বাসৰুদ্ধ পৰিবেশত চলি আছে উদ্ধাৰ অভিযান :

কলিয়াবৰ মহকুমাৰ কুঠৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত কাজিৰঙাৰ গঁড় : শ্বাসৰুদ্ধ পৰিবেশত চলি আছে উদ্ধাৰ অভিযান :

AIIDESH NEWS.18 July  :


ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ কিছু হ্ৰাস পোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতো কিছু স্থবিৰ হৈছিল বান পৰিস্থিতি ৷ কিন্ত উদ্যানখনৰ ভিতৰৰ বান পৰিস্থিতিৰ জটিলতা এতিয়া কমা নাই ৷ যাৰ বাবে বহু বন্যপ্ৰাণীয়ে এতিয়াও আশ্ৰয় বিচাৰি দিহিঙে দিপাঙে ঘুৰি ফুৰিছে ৷ এনেদৰে আশ্ৰয় বিচাৰি অহা এটা গঁড়ে আজি পুৱতি নিশাতে কুঠৰিৰ দেওচুড় অঞ্চলত ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লয় ৷ দীৰ্ঘ সময় পানীৰ মাজত আৱদ্ধ হৈ থকাৰ উপৰিও সাঁতুৰি আহি ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা ক্লান্ত গঁড়টোৱে পথৰ ওপৰতে শুই পৰে ৷পাচত ৰাষ্ট্ৰীয় পথেৰে যোৱা যানবাহন আৰু মানুহৰ সমাগমে গঁড়টোক বিশ্ৰামত ব্যাঘাত জন্মায় ৷ ঘটনাস্থলীত বনকৰ্মী উপস্থিত হৈ গঁড়টোক ৰাষ্ট্ৰীয় পথৰ পৰা আঁতৰাই বনাঞ্চললৈ নিবলৈ চেষ্টা চলায়ো ব্যৰ্থ হয় ৷ পাচত ঘটনাস্থলীত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু ডি এফ অ' ৰমেশ কুমাৰ গগৈ উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণন কেন্দ্ৰৰ পশু চিকিৎসক আৰু উদ্ধাৰকাৰী দলৰ সহযোগত গঁড়টোক ৰাষ্ট্ৰীয় পথৰ পৰা আঁকতৰাই সুৰক্ষিত স্থানলৈ নিবলৈ চেষ্টা চলায়ো ব্যৰ্থ হয় ৷ বিয়লিলৈ গঁড়টোয়ে পথৰ পৰা নামি কাষৰ জলমগ্ন অঞ্চলত পানীৰ মাজতে আশ্ৰয় লয় ৷ ইফালে গঁড়টোক আঁতৰাবৰ বাবে গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক পদ্মশ্ৰী ডা৹ কুশল কুমাৰ শৰ্মায়ো সাতজনীয়া এটা দললৈ সন্ধিয়া আহি ঘটনাস্থলী উপস্থিত হয় ৷ ইফালে নিশা হোৱাৰ বাবে আজি দিনৰ অভিযান সামৰা হয় যদিও গঁড়টোৰ সমীপত নিৰাপত্তাৰ বাবে কটকতীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় ৷ এই প্ৰতিবেদনৰ সময়লৈকে গঁড়টোয়ে স্থান সলনি কৰিছে যদিও ৰাষ্ট্ৰীয় পথ কাষৰ পানীতেই আশ্ৰয় লৈ আছে ৷ গঁড়টোক আৰু কিছু পশ্চিমলৈ নিব পাৰিলেই কাঠনি প্ৰৱেশ কৰাব পৰা যাব ৷ যাৰ বাবে প্ৰচেষ্টা অব্যহত ৰাখিছে পশু চিকিৎসক আৰু বনকৰ্মীৰ দলে ৷ নিশাৰ ভিতৰতে গঁড়টোক বনাঞ্চললৈ নিব পৰা যাব বুলি আশা কৰিছে অভিযানকাৰী দলে ৷