বোকাখাতত চোৰাং কাঠ সহ এখন ডি আই গাড়ী আৰু দুজনক আটক :

বোকাখাতত চোৰাং কাঠ সহ এখন ডি আই গাড়ী আৰু দুজনক আটক  :
Aiidesh Photo
বোকাখাতত চোৰাং কাঠ সহ এখন ডি আই গাড়ী আৰু দুজনক আটক  :

Aidesh News : 5 December  2023 : 

বোকাখাত মহকুমাৰ কাৰ্বি আংলং সীমান্তত দীৰ্ঘ দিন ধৰি চলি আহিছে কাঠ চোৰাং ব্যৱসায় ৷ বন বিভাগৰ চকুত ধুলি দি নিশাৰ ভাগত অতি সংগোপনে বিভিন্ন পথৰে কাৰ্বি আংলংৰ পৰা বোকাখাত মহকুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথলৈ নিতৌ বহু চোৰাং কাঠ সৰবৰাহ হয় ৷ যোৱা নিশা বোকাখাত আৰক্ষীয়ে এক অভিযানত দুজন লোকৰ লগতে চোৰাং কাঠ সহ এখন ডি আই গাড়ী জব্দ কৰিছে ৷ আৰক্ষীৰ অভিযানত কাঠসহ জব্দ হোৱা ডি আই খনৰ পঞ্জীয়ন নম্বৰ হ'ল এ এছ ০৫ চি ৯৩৯৬ আৰু ধৃত লোক দুজন হ'ল এই গাড়ীৰ চালক আৰু হেণ্ডিমেন ভায়া মুণ্ডা আৰু মুকেশ তেৰণ ৷ ঘটনাৰ পিচত বোকাখাত আৰক্ষীয়ে নিজাববীয়াকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ / ৪১১ / ৪১৩ ধাৰা আৰু বন আইনৰ ৪১ ধাৰাৰে ১৮০ / ২৩ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি ধৃত লোক দুজনক আদালতত হাজিৰ কৰে ৷ আদালতে দুয়োকে আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য কাৰ্বি আংলং জিলাৰ বিভিন্ন পাহাৰত অতি সংগোপনে চলি থকা বন ধ্বংসৰ বহ চোৰাংকাঠ দলামৰা, নাহৰজান, লখৌজান,  গেলেকী আদি পথেৰে বন বিভাগৰ চকুৰ আগেৰেই ৩৭ নং ৰাষ্ট্ৰীয় পথলৈ আহি বিভিন্ন স্থানলৈ সৰবৰাহ হৈ আছে ৷

********