কামাখ্যা দৰ্শনৰ পিচত ৪ নৱেম্বৰত কাজিৰঙালৈ আহিব ভূটানৰ ৰজা জিগমে খেচাৰ নামগেইল ৱাংচুক :

কামাখ্যা দৰ্শনৰ পিচত ৪ নৱেম্বৰত কাজিৰঙালৈ আহিব ভূটানৰ ৰজা জিগমে খেচাৰ নামগেইল ৱাংচুক  :

Aiidesh News : 3 November 2023  :

দুদিনীয়া ভ্ৰমনসুচীৰে আজি অসমলৈ আহিছে ভুটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুক ৷ ভূটানৰ ৰজাই প্ৰধানকৈ কামাখ্যা মন্দিৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব ৷ ব্যক্তিগত ভ্ৰমন সুচীৰে অসমলৈ অহা ভুটান ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুক আজি পুৱা ভূটানৰ পাৰুৰ পৰা উৰাহাজেৰে আহি পুৱা গুৱাহাটীত বিমান বন্দৰত উপস্থিত হয় ৷ বিমান বন্দৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁ আদৰণি জনায় ৷ বিমান বন্দৰৰ পৰা ভূটানৰ নৃপতি গৰাকীয়ে নীলাচলৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাত্ৰা কৰে ৷ কামাখ্যা দৰ্শনৰ পিচত তেওঁ গুৱাহাটীৰ ৰেডিচন ব্লু হোটেললৈ যায় ৷ ইয়াতেই তেওঁ ৰাজ্যখনত থকা ভূটানী লোকৰ প্ৰতিনিধিৰ লগত মতবিনিময় কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও বাৰ্তালাপ কৰে ৷ নিশালৈ অসমৰ ৰাজ্যপালৰ সৈতে মত বিনিময় কৰাৰ উপৰিও তেওঁৰ সন্মানৰ অৰ্থে ৰাজ্যপালে আয়োজন কৰা সাংস্কৃতিক সন্ধ্যা আৰু নৈশ ভোজত অংশ গ্ৰহন কৰাৰ কথা ৷

৪ নবেম্বৰত পুৱা বেলাতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব ভূটানৰ ৰজা ৷  পুৱা ১০ বজাত গুৱাহাটীৰ পৰা এখন বিশেষ বিমানেৰে আহি যোৰহাট বিমান বন্দৰত অৱতীৰ্ণ হ'ব ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুক ৷ যোৰহাট বিমান বন্দৰৰ পৰা গাড়ীৰে আহি তেওঁ কাজিৰঙাৰ আয়'ৰা ৰিজৰ্ট পাবহি ৷ বিয়লিলৈ ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুকে জীপেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ প্ৰৱেশদ্বাৰেৰে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিব ৷ সন্ধ্যালৈ কঁহৰাৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰৰ প্ৰাংগনত ভূটানৰ ৰজাৰ সন্মাৰ্থে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰা সাংস্কৃতিক সন্ধ্যা আৰু নৈশ ভোজত অংশ গ্ৰহন কৰিব ৷ এই অনুষ্ঠানত অসমৰ বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে ভূটান নৃপতিক বিভিন্ন ব্যঞ্জনেৰে নিশাৰ আহাৰ পৰিৱেশন কৰা হ'ব ৷

ভূটানৰ নৃপতি জিগমে খেচাৰ নামগ্যাল ৱাংচুকৰ এই ভ্ৰমনৰ বাবে ব্যাপক প্ৰস্তুতি সম্পুৰ্ণ কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত ৷ কঁহৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহৰ লগতে শতবৰ্ষ সমাৰোহ কেন্দ্ৰৰ বাকৰিত ভূটানৰ ৰজাক আদৰিবৰ বাবে ব্যয় বহুল মঞ্চ নিৰ্মান কৰা হৈছে ৷ কাজিৰঙাত আহি সমবেত হৈছে বন বিভাগৰ সকলো উচ্চ পদস্থ বিষয়া ৷ সকলো বিষয়াকে ভূটানৰ ৰজাৰ এই ভ্ৰমন কাৰ্যসুচীৰ বিভিন্ন দায়ীত্ব অৰ্পন কৰা হৈছে ৷ সাম্প্ৰতিক বিশ্বৰ ৰাজনৈতিক প্ৰক্ষাপটত কূটনৈতিক দিশৰ পৰা ভাৰতৰ বাবে ভূটানৰ সৈতে সঠিক সম্পৰ্ক ৰক্ষা কৰাতো অতিশয় গুৰুত্বপূৰ্ণ হৈ উঠিছে ৷ ফলত ভূটানৰ ৰজা গৰাকীৰ এই ভ্ৰমন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ যাৰ বাবে ভূটানৰ ৰজাৰ এই ভ্ৰমন কালত তেওঁ আতিথ্যত যাতে কোনো ক্ৰুটি নাথাকে তাৰ বাবে বিশেষ দৃষ্টি ৰখা হৈছে ৷ কাজিৰঙাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷ এই ভ্ৰমনৰ বাবে ৪ নৱেম্বৰৰ বিয়লি আৰু ৫ নৱেম্বৰৰ পুৱা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰাৰ কথা ঘোষণা কৰিছে বন বিভাগে ৷ 

৫ নৱেম্বৰৰ পুৱা ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুকে যোৰহাট বিমান বন্দৰৰ পৰা এখন বিশেষ বিমানেৰে মুম্বাইলৈ বুলি উৰা মাৰিব ৷ 

******