বোকাখাতত আৰক্ষী বিষয়াৰ বাসগৃহত শাৰিৰীক মানসিক নিৰ্যাতনৰ বলি ১২ বছৰীয়া শিশু : থানাত গোচৰ :

বোকাখাতত আৰক্ষী বিষয়াৰ বাসগৃহত শাৰিৰীক মানসিক নিৰ্যাতনৰ বলি ১২ বছৰীয়া শিশু  : থানাত গোচৰ  :
Aiidesh Photo

বোকাখাতত আৰক্ষী বিষয়াৰ বাসগৃহত শাৰিৰীক মানসিক নিৰ্যাতনৰ বলি ১২ বছৰীয়া শিশু  : থানাত গোচৰ  : 

Aiidesh News : 3 August  : 

বোকাখাতত এজন আৰক্ষী বিষয়াৰ হাতত এগৰাকী শিশু শ্ৰমিক নিৰ্যাতিত হোৱাৰ ঘটনা সংঘৰ্টিত হৈছে ৷ এগৰাকীল আৰক্ষী বিষয়াৰ ঘৰত বনকৰা এটি শিশুক শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ লগতে পৰিয়ালৰ লোকে কন্যা  শিশুটিৰ চুলি পৰ্যন্ত খূূূড়াই দিয়াৰো অভিযোগ পোৱা গৈছে ৷ নিৰ্যাতিত এই শিশুটিয়ে এতিয়া ন্যায় বিচাৰি এতিয়া আইনৰ কাষ চাপিছে ৷ 

এই ঘটনা সংঘটিত হৈছে বোকাখাতত ৷ বোকাখাত মহকুমাৰ কাজিৰঙাৰ গেলেকীৰ মাতৃহীনা বিভীষণ ওৰাঙৰ ১২ বছৰীয়া কন্যা প্ৰমিলা ওৰাংক বোকাখাতৰ ম'হমাইকী গাঁৱত বসবাস কৰা আৰক্ষীৰ উপ-পৰিদৰ্শক জয়ন্ত বৰাই দীৰ্ঘদিনৰ পৰাই বন কৰা ছোৱালী হিচাবে তেওঁৰ ঘৰত ৰাখিছিল ৷ ঘৰৰ কাম ভালকৈ নকৰাৰ অজুহাতত আৰক্ষী উপ-পৰিদৰ্শক জয়ন্ত বৰাৰ পৰিয়ালৰ লোকে বিভিন্ন সময়ত শাৰীৰিক-মানসিক অত্যাচাৰ চলাই আহিছিল বুলি অভিযোগ উত্থাপিত কৰিছে ৰ্ৰমিলা ওৰাংৰ পৰিয়ালে ৷ 

২ আগষ্টৰ দিনা আৰক্ষী বিষয়া গৰাকীৰ পৰিয়ালৰ সদস্যই ১২ বছৰীয়া প্ৰমিলা ওৰাংক বাৰীৰ তামোল গছত বান্ধি বেলনা মাৰি আৰু কটাৰীৰ গাদিৰে অকথ্য নিৰ্যাতন চলায় ৷ নিশা তামোল প্ৰমিলা ওৰাংক গছত বান্ধি আৰক্ষী বিষয়া জয়ন্ত বৰাৰ পৰিয়ালৰ লোক ঘৰৰ ভিতৰ সোমোৱাত তামোল গছৰ পৰা কোনোমতে নিজকে মুকলি কৰি প্ৰমীলা ওৰাঙে জয়ন্ত বৰাৰ ঘৰৰ পৰা পলায়ন কৰি নিশাই বোকাখাতৰ কান্ধুলিমাৰিত থকা পেহাক মদন ওৰাঙৰ ঘৰত ওলাইগৈ ৷

৩ আগষ্টৰ দিনা প্ৰমীলা ওৰাংৰ পৰিয়ালৰ লোকে অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শক জয়ন্ত বৰুৱাৰ লগতে পৰিয়ালৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ এই ঘটনাই সম্প্ৰতি বোকাখাতত চাঞ্চল্যৰ সৃষ্টি কৰে ৷ বোকাখাতত আৰক্ষী বিষয়াৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ দ্বাৰা শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱা প্ৰমীলা ওৰাঙক প্ৰকৃত ন্যায় প্ৰদান কৰি অপৰাধী আৰক্ষী বিষয়া আৰু তেওঁৰ পৰিয়ালৰ লোকক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে স্থানীয় দল সংগঠন ৷ 

*******