বোকাখাতত প্ৰধান মন্ত্ৰী শস্য বীমা যোজনা আৰু "শস্য বীমা সপ্তাহৰ" প্ৰচাৰ অভিযানৰো শুভাৰম্ভ কৃষি মন্ত্ৰী অতুল বৰাৰ :

বোকাখাতত প্ৰধান মন্ত্ৰী শস্য বীমা যোজনা আৰু
Aiidesh Photo
বোকাখাতত প্ৰধান মন্ত্ৰী শস্য বীমা যোজনা আৰু
বোকাখাতত প্ৰধান মন্ত্ৰী শস্য বীমা যোজনা আৰু

বোকাখাতত প্ৰধান মন্ত্ৰী শস্য বীমা যোজনা আৰু "শস্য বীমা সপ্তাহৰ" প্ৰচাৰ অভিযানৰো শুভাৰম্ভ কৃষি মন্ত্ৰী অতুল বৰাৰ   : 

Aiidesh News  : 01 July 2023 : 

প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষক সকলে সুবিধা লাভ কৰি উপকৃত হ'ব পাৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাবাহী আঁচনিৰ জৰিয়তে প্ৰায় ২৬৩ কোটি টকা অসমৰ কৃষক সকলে লাভ কৰিছে । গোলাঘাট জিলাত সৰ্বমুঠ ১৬,১৮৪ জন কৃষকে প্ৰায় ১৬ কোটি ৫৩ হাজাৰ টকা বীমা কৰাৰ বিনিময়ত লাভ কৰিছে । শনিবাৰে বোকাখাতত আয়োজিত শস্য বীমা সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ । বোকাখাতত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অন্তৰ্গত শস্য বীমা সপ্তাহৰ  শুভাৰম্ভ  কাৰ্যসুচীত অংশগ্ৰহন কৰি ৰাইজক উদ্দেশি নিজ ভাষণত কৃষিমন্ত্ৰী অতুল বৰাই  প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ সু-ফল যাতে কৃষকে লাভ কৰিব পাৰে, তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষি বিষয়া আৰু বীমা কোম্পানী সমুহক আহ্বান জনায় ।

এই অনুষ্ঠানৰ লগতে গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত শনিবাৰৰ দিনাই  প্ৰধান মন্ত্ৰী শস্য বীমা যোজনাৰ লগতে শস্য বীমা সপ্তাহৰ প্ৰচাৰ অভিযানৰো শুভাৰম্ভ কৰে কৃষিমন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই । বোকাখাতৰ পুৱতি  সাহিত্য সভাৰ প্রেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ উপস্থিতিত  মুঠ  ১২ জন হিতাধিকাৰীক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ধন ৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই । কৃষি বিভাগৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱাই প্ৰধান মন্ত্ৰী শস্য বীমা যোজনা সন্দৰ্ভত ৰাইজৰ আগত বক্তব্য আগবঢ়ায় । প্ৰধান মন্ত্ৰী শস্য বীমা যোজনাৰ ৰাজ্যিক নডেল বিষয়া দেৱজিৎ নেওগে ফচল বীমা যোজনাৰ গুৰুত্ব সম্পৰ্কত কৃষক সকলক সজাগ কৰাৰ লগতে আঁচনি খনৰ বৈশিষ্ট্যসমূহ, হিতাধিকাৰী লাভান্বিত হোৱা দিশ সমূহ সমবেত ৰাইজৰ আগত দাঙি ধৰে ৷

উল্লেখযোগ্য যে এই আঁচনিৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত উৎপাদনৰ ক্ষতিৰ আধাৰত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । গোলাঘাট জিলাৰ কৃষি বিষয়া ৰঞ্জিত শৰ্মাৰ মতে প্ৰধান মন্ত্ৰী শস্য বীমা আঁচনিৰ প্ৰচাৰৰ লগতে গোলাঘাট জিলাৰ সকলো গাঁও পঞ্চায়তত  এশ শতাংশ ৰূপায়ন কৰাৰ ব্যৱস্থা কৰা হৈছে ।

শনিবাৰৰ অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱ, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ৰাজ্যিক পৰামৰ্শদাতা দেৱজিৎ নেওঁগ, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, যোজনাৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱা, মহকুমা কৃষি বিষয়া সূৰুয শইকীয়া আৰু বীমা কোম্পানী সমুহৰ বিষয়ববীয়া উপস্থিত থকাৰ লগতে প্ৰায় শতাধিক কৃষক  উপস্থিত থাকে । 

*********