শান্তিনিকেনত প্ৰশিক্ষিত চাহ জনগোষ্ঠীৰ একমাত্ৰ বাতিক চিত্ৰী শিল্পী , সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৰ মৃত্যু :

শান্তিনিকেনত প্ৰশিক্ষিত চাহ জনগোষ্ঠীৰ একমাত্ৰ বাতিক চিত্ৰী শিল্পী , সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৰ মৃত্যু :
Aiidesh Photo
শান্তিনিকেনত প্ৰশিক্ষিত চাহ জনগোষ্ঠীৰ একমাত্ৰ বাতিক চিত্ৰী শিল্পী , সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৰ মৃত্যু :

শান্তিনিকেনত প্ৰশিক্ষিত চাহ জনগোষ্ঠীৰ একমাত্ৰ বাতিক চিত্ৰ শিল্পী , সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৰ মৃত্যু : 

Aiidesh News  : 15 July  :

অসমৰ এগৰাকী বিশিষ্ট চিত্ৰ শিল্পী বোকাখাতৰ সাপজুৰিৰ নিৱাসী পদুমী গাজলুয়ে যোৱা নিশা চিকিৎসাধীন অৱস্থাতে যোৰহাটত মৃত্যুক সাৱতি লয় ৷ বোকাখাতৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী, বিশিষ্ট লেখিকা তথা সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৰ মৃত্যু সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পৰে ৷

কলকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত বিশেষ ভাৱে প্ৰশিক্ষিত পদুমী গাজলু চাহ জনগোষ্ঠীৰ প্ৰথম মহিলা আছিল ৷ বাতিক শিল্পৰ কাম কৰা পদুমী গাজলু আছিল চাহ জনগোষ্ঠাটোৰ একমাত্ৰ মহিলা চিত্ৰ শিল্পী ৷ চিত্ৰ শিল্পী হিচাবেই তেওঁ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰাৰ পিচৰে পৰাই বাতিক শিল্পতকৈ সাহিত্য চৰ্চাত মনোনিৱেশ কৰিছিল যদিও মাজে মাজে শিল্প চৰ্চাও কৰিছিল পদুমী গাজলুয়ে ৷ অৱসৰৰ পিচত ঘৰতে বহু ছাত্ৰ ছাত্ৰীক চিত্ৰ কলাৰ শিক্ষাও দিছিল চিত্ৰ শিল্পী গৰাকীয়ে ৷ শান্তিনিকেতনৰ পৰা সুক্ষাতিৰে ওলায় আহি পদুমী গাজলুয়ে অসমৰ চাহ জনগোষ্ঠীৰ বহু চিত্ৰ সমল সংগ্ৰহ কৰিছিল ৷ চাহ জনগোষ্টীৰ শিল্প সংস্কৃতিৰ গৱেষণাও কৰিছিল ৷ বেনু মিশ্ৰ, পুলক গগৈ আদি বিশিষ্ট চিত্ৰ শিল্পীৰ অনুপ্ৰেৰণাত পদুমী গাজলুয়ে বাতিক চিত্ৰত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত ডিজাইন বোৰক ধৰি ৰাখিবৰ বাবে সদায় চেষ্টা কৰিছিল ৷ বাতিক শিল্পৰ প্ৰতি নৱ প্ৰজন্মই আগ্ৰহ নেদেখুৱাৰ বাবে মাজে মাজে ক্ষোভ প্ৰকাশ কৰিছিল তেওঁ ৷

বৰচাপৰি চাহ বাগিচাৰ আদিৰাম গাজলুৰ  পৰিয়ালত জন্ম গ্ৰহন কৰা পদুমী গাজলুয়ে পৰৱৰ্তী সময়ত শ্ৰমিক নেতা ৰুকলাল কুৰ্মীৰ সৈতে বিবাহ পাশত অৱদ্ধহৈ দুটিকৈ সন্তানৰ মাতৃ হৈছিল ৷ বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা পদুমী গাজলুক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ যোৱা নিশা চিকিৎসাধীন অৱস্থাতে বিশিষ্ট চিত্ৰ শিল্পী গৰাকীয়ে ইহ লীলা সম্বৰণ কৰে ৷ মৃত্যুৰ সময়লৈকে পদুমী গজলু অসম সাহিত্য সভা , চাহ জনগোষ্ঠী সাহিত্য সভা , লেখিকা সমাৰোহ সমিতি আদি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল ৷ 

পদুমী গাজলুৰ মৃত্যু চাহজনগোষ্ঠীৰ লগতে সমগ্ৰ বোকাখাতৰ বাবেই এক অপুৰণীয় ক্ষতি  ৷৷

*****