শিৱসাগত অনুষ্ঠিত হৈ যোৱা মহিলা মহাবিদ্যালয় তৃতীয় উজনি অসম মুক্ত টাইকোৱাণ্ডো প্ৰতিযোগিতাত বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ সফলতা অৰ্জন :

শিৱসাগত অনুষ্ঠিত হৈ যোৱা মহিলা মহাবিদ্যালয়   তৃতীয়  উজনি অসম মুক্ত টাইকোৱাণ্ডো প্ৰতিযোগিতাত বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ সফলতা অৰ্জন :
Aiidesh Photo

Aiidesh News: 26.12.2023  :

টাইকোৱানডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এচোছিয়েছন অফ আচামৰ তত্বাৱধানত শিৱসাগৰ জিলা টাইকোৱাণ্ডো সন্থাই আয়োজন কৰা তৃতীয় উজনি অসম মুক্ত টাইকোৱাণ্ডো প্ৰতিযোগিতাত বোকাখাত জিলা তথা কাজিৰঙাৰ ইনস্পায়াৰ টাইকোৱাণ্ডো একাডেমিয়ে পুৰুষ-মহিলা দুয়োটা শাখাতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাত বোকাখাত জিলাৰ প্ৰতিযোগি অনুৰাগ চেত্ৰী, পৰিস্মিতা পানিকা, ৰিচিতা টেৰণপী, চেৰণিকা টেৰণপী, শোভা গগৈ, জয়ন্তজিত বৰা, জ্যোতিৰ্ময় বৰা, অভয় ছেত্ৰী, ঋতুৰাজ কলিতা, আব্দুল আলিম, প্ৰনয়জ্যোতি হাজৰিকা, আদিত্য গগৈ, স্বেতা প'ল, মিন্টু দাস আৰু মতিলা মাঝিয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ উপৰিও জিলাখনৰ  মনোজ গুৱালাই ৰূপ পদক আৰু দিগন্ত বৰাই প্ৰতিযোগিতাত ব্ৰুঞ্জৰ পদক লাভ কৰাৰ লগতে ইয়াৰ উপৰি পুৰুষ শাখাত আদিত্য গগৈ আৰু ঋতুৰাজ কলিতাই শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

শিৱসাগৰৰ এই উজনি অসম মুক্ত টাইকোৱাণ্ডো প্ৰতিযোগিতাত  বোকাখাত জিলা তথা কাজিৰঙাৰ ইনস্পায়াৰ টাইকোৱানডো একাডেমীয়ে মুঠ ১৬ টা সোণৰ পদকৰ লগতে ১ টা ৰূপ আৰু এটা ব্ৰুঞ্জৰ পদকেৰে জিলাখনলৈ গৌৰব কঢ়িয়াই আনে  । 

******