বোকাখাতৰ পৰা প্ৰকাশিত ৰাইজৰ খবৰৰ ১৯ সংখ্যক বৰ্ষপুৰ্তি উদযাপন ⦂ ৮০ গৰাকী প্ৰবীন জেষ্ঠ সাংবাদিকক সম্বৰ্ধনা ⦂ প্ৰৱাসী অসমীয়া মনোৰমা দাসলৈ প্ৰজ্ঞাময়ী উপাধি প্ৰদান ⦂

Aiidesh News ⦂ 19 March - 2025 ⦂
মফচলীয় চহৰ বোকাখাতৰ পৰা প্ৰকাশিত ৰাইজৰ খবৰ নামৰ সপ্তাহিক বাতৰি কাকত খনৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হয় ৷ দিনজোৰা এই কাৰ্যসুচীৰ পুৱাতেই বোকাখাতৰ পুৰোধা আৰু প্ৰয়াত ব্যক্তি সকলৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷ পৰৱৰ্তী সময়ত সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বোকাখাত সমজিলাৰ ৮০ গৰাকী প্ৰবীন সাংবাদিকক ৰাইজৰ খবৰৰ পৰিয়াল বৰ্গৰ তৰফৰ পৰা স্মাৰক, মানপত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ ৰাইজৰ খবৰৰ প্ৰধান সম্পাদক তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু ঐশ্বয ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত কেবিনেট মন্ত্ৰী অতুল বৰা, নুমলীগড় শোধনাগাৰৰ মহা প্ৰৱন্ধক ড০ কাজল শইকীয়া, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, প্ৰবীন সাংবাদিক সুৰেণ বৰি, সুষময় পুৰকায়স্থ, মহেন শইকীয়া আৰু চন্দ্ৰকান্ত দাস,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি সূৱৰ্ণ শইকীয়া বৰদলৈ, সুলেখিকা নিজৰা বৰঠাকুৰ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাকে প্ৰমুখ্য কৰি বোকাখাতৰ বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে ৷ উপস্থিত অতিথি সকলে সাংবা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি আগন্তুক দিনৰ সফলতা কামনা কৰে ৷ ৰাইজৰ খবৰৰ অৱদানবোকাখাত নাট্যমন্দিৰৰ সাংস্কৃতিক বিভাগৰ শিল্পী সকলে পৰিৱেশন কৰা সমবেত গীত আৰু বিশিষ্ট কন্ঠ শিল্পী অতুল বেজবৰুৱাৰ লোকগীতেৰে আৰম্ভ হোৱা আজিৰ অনুষ্ঠানত ৰাইজৰ খবৰৰ ১৯ সংখ্যক বৰ্ষপূৰ্তিৰ লগত আয়োজন কৰা দলীয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত স্থান লাভ কৰা দল সমুহক ক্ৰমে মেহুৰাম বৰা সোঁৱৰণী বঁটা, যুৱ নেতা দেৱকান্ত গগৈ সোঁৱৰণী বঁটা আৰু ৰুদ্ৰ খাউণ্ড সোঁৱৰণী বঁটাৰে পুৰস্কৃত কৰা হয় ৷ অনলাইন গল্প প্ৰতিযোগিতাৰ স্থান লাভ কৰা ছাত্ৰী ছাত্ৰীক ক্ৰমে ৰামেশ্বৰলাল মোৰ আৰু ইন্দ্ৰমনি মোৰ সোঁৱৰণী বঁটা, প্ৰৱীন শিক্ষক কনক দলে প্ৰদান কৰা বঁটা আৰু সাংস্কৃতিক কৰ্মী মনো বৰাই প্ৰদান কৰা বঁটা প্ৰদান কৰাৰ বিপৰীতে চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা প্ৰতিযোগি সকলক নীৰু দাস সোঁৱৰণী বঁটা,ডা০ নীৰেণ শইকীয়া সোঁৱৰণী বঁটা আৰু সৰ্বধন কুটুম সোঁৱৰণী বঁটা প্ৰদান কৰে ৷ বঁটা সমুহৰ লগত প্ৰদান কৰা স্মাৰক সমুহ কমলা প্ৰসাদ আগ্ৰৱলা আৰু গীতা দেৱীৰ সোঁৰণত বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগ্ৰৱলাই প্ৰদান কৰে ৷ আজিৰ অনুষ্ঠানতে বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ৰাইজৰ খবৰৰ সম্পাদকীয় সংকলন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি নুমলীগড় শোধনাগাৰৰ মহাপ্ৰৱন্ধক ড০ কাজল শইকীয়া আৰু ৰাইজৰ খবৰৰ বিশেষ সংখ্যা উন্মোচন কৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি বিপুল দাসে ৷ আমেৰিকাত থকা প্ৰৱাসী অসমীয়া মনোৰমা দাসক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা সেৱাৰ বাবে ৰাইজৰ খবৰৰ তৰফৰ পৰা প্ৰজ্ঞাময়ী বঁটা প্ৰদান কৰা হয় ৷
উল্লেখ্য যে ২০০৬ চনৰ ১৯ মাৰ্চত প্ৰস্তাৱনা সংখ্যাৰে আৰম্ভ হোৱা ৰাইজৰ খবৰৰ আজিৰ ১৯ সংখ্যক বৰ্ষপুৰ্তিৰ বিশেষ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত অনলাইন গল্প প্ৰতিযোগিতাত অৰুণ উদয়ৰ আন্ধাৰ নামৰ গল্পৰে কামৰূপ ছয়গাওঁৰ পিংকু কলিতাই প্ৰথম, পেৰাডাইজ লষ্ট নামৰ গল্পৰে গুৱাহাটীৰ পুৰৱী বৰুৱাই দ্বিতীয় আৰু পানী- উৎছৱ নামৰ গল্পৰে নগাওঁ মৰিকলংৰ লচী গগৈয়ে তৃতীয় স্থান লাভ কৰে ৷ একেদৰে দলীয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত জোনাকী সাংস্কৃতিক দলে প্ৰথম, ৰাংঢালী ৰচকী দলে দ্বিতীয় আৰু চন্দ্ৰজ্যোতি কলা পৰিষদৰ দলে তৃতীয় স্থান লাভ কৰে ৷ চিত্ৰংকন প্ৰতিযোগিতাত বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ৰাজদ্বীপ ঘোষ প্ৰথম, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়শ্ৰী দেৱী দ্বিতীয় আৰু লুইত ইন্টাৰনেচনেল একাডেমিৰ ঋষিকেশ শইকীয়াই তৃতীয় স্থান লাভ কৰে ৷
**********