প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ সময়সীমা শেষ কৰি স্ব- গৃহলৈ যোৱা বোকাখাতৰ যুৱকৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি :

প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ সময়সীমা শেষ কৰি  স্ব- গৃহলৈ যোৱা বোকাখাতৰ যুৱকৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি :
Photo : Uttam Saikia

AIIDESH NEWS. 11 June  : 

বোকাখাতৰ চি এন বি মহাবিদ্যালয়ত থকা কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন শেষ কৰি স্ব- গৃহলৈ যোৱা এজন যুৱকৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি  ধৰা পৰা ঘটনাই আজি সমগ্ৰ বোকাখাততে আতংকৰ সৃষ্টি কৰিছে ৷ কভিড ১৯ ৰ উপস্থিতি ধৰা পৰা যুৱকজনৰ হ'ল বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ ৰঙাগড়া পাৰ গাঁৱৰ সাধন দাস ৷ ঘৰ  ৷ গুজৰাটৰ পৰা আহি সাধন দাসে বিগত ১৫ দিন বোকাখাতৰ চি এন বি মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত আছিল ৷ কোৱাৰেন্টাইৰ সময় শেষ হোৱাৰ পাচত ১০ জুনত যুৱকজনক চৰকাৰী গাড়ীৰে ৰঙাগড়া পাৰৰ নিজা ঘৰত থৈ আহিছিল বোকাখাতৰ মহকুমা প্ৰশাসনে ৷ সাধনৰ ৰিলিজ লেটাৰত কভিড ১৯ ৰ ফলাফল পেণ্ডিং বুলি লিখা আছিল ৷ কিন্তু আজি দুপৰীয়া যুৱকজনক বোকাখাতৰ আৰক্ষীয়ে মহকুমা দণ্ডাধীশৰ উপস্থিতিত ১০৮ এম্বুলেঞ্চেৰে গোলাঘাটলৈ প্ৰেৰণ কৰাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয় ৷ যুৱকজনে যোৱা নিশাতো পৰিয়ালৰ লগত কটোৱাৰ লগতে বন্ধুৰ লগত সন্ধ্যা কেৰম বৰ্ডো খেলিছিল ৷ যাৰ বাবে অঞলটোত গন সংক্ৰমনৰ শংকাত ভোগিছে স্থানীয় বাসিন্দা ৷ বোকাখাতৰ মহকুমা প্ৰশাসনে সম্প্ৰতি সাধন দাসৰ বাসগৃহক কন্টাইনমেন্ট জ'ন হিচাবে ঘোষণা কৰিছে ৷  সাধন দাসৰ কভিড ১৯ ৰ ফলাফল যদি অহাই নাছিল তেন্তে যুৱকজনক কিয় স্ব- গৃহত প্ৰশাসনে থৈ গৈছিল বুলি এতিয়া স্থানীয় লোকে প্ৰশ্ন উত্থাপন কৰিছে ৷ উল্লেখ্য যে,কুৰুৱাবাহী তিনি আলিটো স্ব-গৃহত কোৱাৰেন্টাইনত থকা নিধি গুপ্তা নামৰ এগৰাকী ছাত্ৰীৰ শৰীৰতো কভিড ১৯ ধৰা পৰিছিল ৷ সম্প্ৰতি সাধন দাস আৰু নিধি গুপ্তাক গোলাঘাটত কভিড ১৯ চিকিৎসা কৰি থকা হৈছে ৷