গুৱাহাটীৰ ৩১টা স্থানত মাছ-ব্ৰয়লাৰ বিক্ৰীৰ অনুমতি

গুৱাহাটীৰ ৩১টা স্থানত মাছ-ব্ৰয়লাৰ বিক্ৰীৰ অনুমতি
#Guwahati #Fish

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে লকডাউন অব্যাহত থকাৰ সময়ত সাধাৰণ ৰাইজে মাছ-মাংসক লৈ যেন সপোন দেখিব লগা হৈছিল। কিন্তু এতিয়াৰে পৰা বজাৰত মাছ আৰু মাংস উপলব্ধ কৰাৰ বাবে প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰিছে। উল্লেখ্য যে আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত মিলিত হৈছে। এই বৈঠকৰ পিছতে লকডাউন বৃদ্ধি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

এনে অৱস্থাত মাছ-মাংসক লৈ যে ৰাইজৰ মাজত অসন্তুষ্টি বিৰাজ কৰিব সেয়া সহজে অনুমেয়। ইপিনে দীৰ্ঘদিন ধৰি লকডাউনৰ বাবে বজাৰত মাংস উপলব্ধ নাছিল যদিও আজি ৰাজ্যৰ কোনো কোনো স্থানত মাছ আৰু মাংস বিক্ৰী কৰাৰ বাবে অনুমতি প্ৰদান কৰা পৰিলক্ষিত হৈছে। তিনিচুকীয়া জিলাত স্বাস্থ্য বিভাগৰ নিৰ্দেশনা পালন কৰি মাছ-মাংস বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। ইপিনে গুৱাহাটী মহানগৰীতো কঠোৰ নীতি-নিৰ্দেশনাৰ আওতাত ৰাখি ৩১টা ৱাৰ্ডত মাংস বিক্ৰী কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। মহানগৰীৰ ৩১টা ৱাৰ্ডত কেইখনমান নিৰ্দিষ্ট দোকানত ব্ৰয়লাৰ মাংস বিক্ৰীৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে মহানগৰ কতৃৰ্পক্ষই।

মাংস বিক্ৰীৰ ক্ষেত্ৰত যাতে অধিক মূল্য সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে মহানগৰ কতৃৰ্পক্ষই দাম নিৰ্ধাৰণ কৰি দিছে। সেই অনুসৰি প্ৰতিকিলো গোটা ব্ৰয়লাৰৰ মূল্য ডেৰশ টকা আৰু কটা ব্ৰয়লাৰ মাংসৰ দাম ২২০টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে আজি ফিছফেডৰ তত্ত্বাৱধানত মহানগৰীৰ চাৰিটা স্থানত মাছ যোগান ধৰা হয়। আজি কাউণ্টাৰযোগে মহানগৰীৰ ৱায়াৰলেছ, ৰূপনগৰ, বামুণীমৈদাম আৰু চানমাৰিত মাছ বিতৰণ কৰা হয়।

ফিছফেডে যোগান ধৰা মাছৰ বাবে ইতিমধ্যে মূল্য নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। সেই হিচাবত ভাঙোন, মিৰিকা (২০০ গ্ৰামতকৈ কম ওজন)ৰ প্ৰতিকিলোত ২৫০ টকা, ৰৌ, ভঁকুৱা, মৰিকা (এক কিলোগ্ৰামতকৈ কম)ৰ প্ৰতিকিলোত ৩০০ টকা, ৰৌ, ভঁকুৱা, মৰিকা (একৰ পৰা দুই কিলোগ্ৰাম)ৰ প্ৰতিকিলোত ৩৫০ টকা, ৰৌ, ভঁকুৱা, মৰিকা (দুই কিলোগ্ৰামতকৈ বেছি)ৰ প্ৰতিকিলোত ৪০০ টকা, গ্ৰাছকাৰ্প (এক কিলোগ্ৰামতকৈ কম) প্ৰতিকিলোত ২৫০ টকা, ছিলভাৰ কাৰ্প (এক কিলোগ্ৰামতকৈ কম) প্ৰতিকিলোত ২৫০ টকা, কমন কাৰ্প (এক কিলোগ্ৰামতকৈ কম) প্ৰতিকিলোত ২৫০ টকা, গ্ৰাছ কাৰ্প (এক কিলোগ্ৰামতকৈ বেছি) প্ৰতিকিলোত ৩০০ টকা, ছিলভাৰ কাৰ্প (এক কিলোগ্ৰামতকৈ বেছি) প্ৰতিকিলোত ৩০০ টকা, কমন কাৰ্প (এক কিলোগ্ৰামতকৈ বেছি) প্ৰতিকিলোত ৩০০ টকা, শ’ল, শাল, কাৱৈত প্ৰতিকিলোত ৪৫০ টকাকৈ বিক্ৰী কৰা হ’ব।