কাজিৰঙাত গজ উৎসৱ : ৬,৭ আৰু ৮ এপ্ৰিলত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ হাতী আৰু জীপ চাফাৰী :

কাজিৰঙাত গজ উৎসৱ  : ৬,৭ আৰু ৮ এপ্ৰিলত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ হাতী আৰু জীপ চাফাৰী  :
Aiidesh Photo

কাজিৰঙাত গজ উৎসৱ  : ৬,৭ আৰু ৮ এপ্ৰিলত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ হাতী আৰু জীপ চাফাৰী  :

Aiidesh News: 22 March: 

ভাৰতৰ কেন্দ্ৰীয় আৰু অসমৰ পৰিৱেশ আৰু বন  মন্ত্ৰালয়ৰ উদ্যোগত কাজিৰঙাত ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈকে অনুষ্ঠিত হ'ব গজ উৎসৱ ৷ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৰেয়েও অংশগ্ৰহন কৰাৰ কথা ৷ আগন্তুক গজ উৎসৱৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি, কাজিৰঙা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত ৬ , ৭ আৰু ৮ এপ্ৰিলত পৰ্যটকৰ বাবে থকা হাতী আৰু জীপ চাফাৰী বন্ধ থাকিব বুলি পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল তথা কাজিৰঙাৰ ডি এফ অ' ৰমেশ গগৈয়ে আজি এক নিৰ্দেশনাৰ জড়িতে ঘোষণা কৰিছে ৷ উল্লেখ্য যে ৬ এপ্ৰিলৰ পৰা কাজিৰঙাত তিনিদিনীয়া বিস্তৃত কাৰ্যসুচীৰ গজ উৎসৱ অনুষ্ঠিত হ'ব ৷ অনুষ্ঠানত মুকলি সভা, আলোচনাচক্ৰ, প্ৰদৰ্শনীৰ লগতে বনাৰ্ঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ কাজিৰঙাত ইতিমধ্যেই  যুদ্ধকালীন প্ৰস্তুতিৰে গজ উৎসৱৰ কাম আৰম্ভ হৈছে ৷

*******