বোকাখাতৰ চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙৰ এখন চিত্ৰক ফেজবুক পেজৰ পৰা আঁতৰাবৰ বাবে আৰক্ষীৰ নিৰ্দেশ :

বোকাখাতৰ  চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙৰ এখন চিত্ৰক ফেজবুক পেজৰ পৰা আঁতৰাবৰ বাবে আৰক্ষীৰ নিৰ্দেশ :
Photo : Uttam Saikia

বোকাখাতৰ  চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙৰ এখন চিত্ৰক ফেজবুক পেজৰ পৰা আঁতৰাবৰ বাবে আৰক্ষীৰ নিৰ্দেশ :


AIIDESH NEWS . 29 September : 


কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহন কৰা কৃষি বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি  আৰম্ভ হৈছে ব্যাপক গণ আন্দোলন । দেশৰ বিভিন্ন প্ৰান্তত ৰাজ পথলৈ ওলাই আহিছে দেশৰ কৃষক সমাজ । এনে সময়তে দেশৰ জাতীয় পতাকাখন উৰুৱাই ৰাখিবলৈ পণ কৰা এজন কৃষকৰ এক চিত্ৰ অংকন কৰা বোকাখাতৰ নবীন চিত্ৰকৰ , ভাৰতীয় গণনাট্য সংঘৰ সক্ৰিয় কৰ্মী তথা শিক্ষক প্ৰাঞ্জল পায়েঙৰ "অন্নদাতা" শীৰ্ষক  এখন চিত্ৰক নিষিদ্ধ কৰিছে গোলাঘাট জিলা আৰক্ষীয়ে । উক্ত চিত্ৰ খন এটা কবিতাৰ আবৃত্তিৰে নিজৰ ফেচবুক পেজত দিছিল চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙে ৷  অলপতে নিজৰ কাৰ্যালয়লৈ মতাই নি গোলাঘাটৰ আৰক্ষী অধীক্ষকে উক্ত চিত্ৰখন ফেচবুক পেজৰ পৰা আঁতৰাই দিবৰ বাবে  প্ৰাঞ্জল পায়েঙক নিৰ্দেশ দিয়ে ৷ যাৰ বাবে উক্ত চিত্ৰ ফেচবুক পেজৰ পৰা অাঁতৰাই দিয়ে চিত্ৰশিল্পী গৰাকীয়ে ৷ এই ঘটনাৰ পিচত চচিয়েল মিডিয়াত এই ঘটনাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা ।