কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ গাওঁত মাতৃহাৰা গঁড় পোৱালী উদ্ধাৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ গাওঁত মাতৃহাৰা গঁড় পোৱালী উদ্ধাৰ :
Photo : Uttam Saikia
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ গাওঁত মাতৃহাৰা গঁড় পোৱালী উদ্ধাৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ গাওঁত মাতৃহাৰা গঁড় পোৱালী উদ্ধাৰ :


AIIDESH NEWS. 15 July.


বানে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত কৰাৰ পাচত আশ্ৰয় বিচাৰি দিহিঙএ দিপাঙে গৈছে বন্যপ্ৰাণী ৷  মংগল বাৰৰ দিনা পুৱা এটা গঁড় পোৱালীয়ে আশ্ৰয় লয় অগৰাতলি বনাঞ্চলৰ সমীপৰ শুকানি  গাওঁৰ এঘৰ লোকৰ বাৰীত ৷ মাতৃৰ পৰা বিচ্চেদিত গঁড় পোৱালীটো বাঢ়নি পানীৰ মাজত আৱদ্ধ হৈ থকাৰ বাবে বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ নেতৃত্বত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশুচিকিৎসক ডা৹ চামচুল আলী , বন বিভাগৰ পশুচিকিৎসক ডা৹ বিশ্বজিত বৰুৱা আৰু তেওঁলোকৰ লগত যোৱা বনকৰ্মীৰ দলে পানীৰ মাজত আৱদ্ধ হৈ থকা গঁড় পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এবছৰীয়া মাইকী গঁড় পোৱালীটো সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ গঁড় পোৱালীতো সম্প্ৰতি বিপদ মুক্ত বুলি জনাইছে পশু চিকিৎসক ডা৹ চামচুল আলীয়ে ৷ উল্লেখ্য যে শেহতীয়া বানত আজি পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ কৱলত পৰি ১১ টা প্ৰাণীৰ মৃত্য হোৱাৰ বিপৰীতে ১২ প্ৰাণীৰ যানবাহনৰ খুন্দাত ৩৭ ৰাষ্ট্ৰীয় পথত মৃত্যু হৈছে ৷ আজি পুৱাৰে পৰা কাজিৰঙাত স্থবিৰ হৈছে জলপৃষ্ঠ ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৭৩ টা বনশিৱিৰৰ তলেৰে ব্ৰহ্মপুত্ৰৰ পানী প্ৰবাহিত হৈছে আৰু ১৪ টা বনশিৱিৰ খালি কৰিব লগা হৈছে ৷