বোকাখাত বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ন সম্পৰ্কত বোকাখাতত মন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা বৈঠক :

বোকাখাত বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ন সম্পৰ্কত বোকাখাতত মন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা বৈঠক :
Aiidesh photo

 

বোকাখাত বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ন সম্পৰ্কত বোকাখাতত মন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা বৈঠক :

Aiidesh News : 21 June 2023  :

বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত ২১ জুনৰ দিনা কেবিনেট মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ পৌৰহিত্যত গোলাঘাটৰ জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণ আৰু অতিৰিক্ত জিলা আয়ুক্ত তথা বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱৰ উপস্থিতিত মহকুমাটোত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনত  ৰূপায়ন হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ।

পৰ্যালোচনা বৈঠকত কৃষি, শিক্ষা, সমাজ কল্যাণ, জলসিঞ্চন, বোকাখাত পৌৰসভা, আৱকাৰী, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, বিদ্যুত , স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, লোকনিৰ্মান (পথ), লোকনিৰ্মান (ৰাষ্ট্ৰীয় ঘাইপথ), লোকনিৰ্মান (গৃহ), পৰিবেশ আৰু বন,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পশু চিকিৎসা আদি  বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে । 

বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ বিষয়ে বিতং ভাৱে খতিয়ান দাঙি ধৰাৰ লগতে আঁচনি সমূহৰ কাম কাজৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমূহৰ বিষয়েও বৈঠকত অৱগত কৰে । বৈঠকত মন্ত্ৰী অতুল বৰাই বোকাখাত মহকুমাত অসম্পূৰ্ণ হৈ ৰোৱা আঁচনি আৰু উন্নয়নমূলক কাম সমূহ  অতিশীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগ সমূহক অনুৰোধ জনায় । ইয়াৰ উপৰিও আগন্তুক সাম্ভাব্য বানপানীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত জলসম্পদ বিভাগে লোৱা ব্যৱস্থা সম্বন্ধেও সবিশেষ বুজ লয় অতুল বৰাই ৷ বিপদসংকুল আৰু দূৰ্বল মথাউৰিৰ স্থান সমূহত অনতিপলমে প্ৰতিৰোধৰ ব্যৱস্থাৰ লগতে বন্যাৰ্তৰ মৌলিক প্ৰয়োজনীয় সমূহৰ যাতে অভাৱ নহয় তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷ 

************