বোকাখাত মহকুমাৰ কুৰুৱাবাহীত শোকাবহ ঘটনা : গছৰ পাত কাটোতে পানীত পৰি সলিল সমাধি এটি শিশুৰ :

বোকাখাত মহকুমাৰ কুৰুৱাবাহীত শোকাবহ ঘটনা : গছৰ পাত কাটোতে পানীত পৰি সলিল সমাধি এটি শিশুৰ  :

বোকাখাত মহকুমাৰ কুৰুৱাবাহীত শোকাবহ ঘটনা : গছৰ পাত কাটোতে পানীত পৰি সলিল সমাধি এটি শিশুৰ  :

Aiidesh News : 21 June 2023  : 

বোকাখাত মহকুমাৰ কুৰুৱাবাহী সত্ৰত মংগল বাৰৰ দিনা এক মৰ্মান্তিক ঘটনা সংঘৰ্টিত হয় ৷ লগৰ সমনীয়াৰ সৈতে গছৰ পাত কাটিবলৈ যাওঁতে এটি শিশু পুখুৰীত পৰি শোকাৱহ ভাৱে মৃত্যু সাৱতি লয় ।

প্ৰাপ্য তথ্য মতে, কুৰুৱাবাহী সত্ৰৰ নিবাসী বলীন্দ্ৰ দাসৰ জ্যেষ্ঠ পুত্ৰ ভাগ্যজ্যোতি দাসে লগৰ এটি শিশুৰ সৈতে গাঁওৰ এটা পুখুৰীৰ পাৰত মঙ্গলবাৰৰ পুৱাৰ ভাগত গছৰ পাত কাটিবলৈ যাওঁতেই পিছলি পানীত পৰি সলিল সমাধি হয় ৷

পুৱাৰ ভাগত সংঘটিত ঘটনাটো বিয়লিহে অভিভাৱক আৰু স্থানীয় গাঁওবাসীয়ে জানিব পাৰি বোকাখাত আৰক্ষীক অৱগত কৰে । পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত নিশা পুখুৰীৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে । এই শোকাবহ ঘটনাটোৰ পিচতেই  বাৰিষা পানীৰে ওপচি থকা অঞ্চলটোৰ উন্মুক্ত  পুখুৰী সমূহত তাৎক্ষণিক ভাৱে বেৰা দিবৰ বাবে গাঁওবাসীক বোকাখাত আৰক্ষীয়ে আহ্বান জনাইছে ।

মৃত ভাগ্যজ্যোতি দাস কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল । শিশুটিৰ মৃত্যুত অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । উল্লেখযোগ্য যে, চলিত মাহত কুৰুৱাবাহীত সংঘটিত এইটো দ্বিতীয়টো সলিল সমাধিৰ ঘটনা । ইয়াৰ পূৰ্বে ধনশিৰি নদীত সাঁতুৰি পাৰ হ'বলৈ যাওঁতে ৬ জুনৰ দিনা কুৰুৱাবাহীৰ চিনাকান আদৰ্শ গাঁৱৰ ভীম ছেত্ৰী নামৰ এজন যুৱকৰ সলিল সমাধি ঘটিছিল ।

********