বোকাখাতৰ পানবাৰী কৃষিপাম নিগমত স্থাপন হ'ব এক বহুমুখী সংহত কৃষি প্ৰকল্প - কৃষিমন্ত্ৰী অতুল বৰা :

বোকাখাতৰ পানবাৰী কৃষিপাম নিগমত স্থাপন হ'ব এক বহুমুখী সংহত কৃষি প্ৰকল্প - কৃষিমন্ত্ৰী অতুল বৰা  :
Aiidesh Photo
বোকাখাতৰ পানবাৰী কৃষিপাম নিগমত স্থাপন হ'ব এক বহুমুখী সংহত কৃষি প্ৰকল্প - কৃষিমন্ত্ৰী অতুল বৰা  :

বোকাখাতৰ পানবাৰী কৃষিপাম নিগমত স্থাপন হ'ব এক বহুমুখী সংহত কৃষি প্ৰকল্প - কৃষিমন্ত্ৰী অতুল বৰা  : 

Aaidesh News  : 2 July : 

বোকাখাতৰ পাণবাৰী কৃষিপাম  নিগমত অসম চৰকাৰে স্থাপন কৰিব এক বহুমুখী সংহত কৃষি প্ৰকল্প ৷ বহুমুখী স্ব-নিয়োজন সৃষ্টি তথা বোকাখাতৰ গ্ৰাম্য অৰ্থনীতিত যোগাত্মক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে স্থাপন হ'ব লগা এই বহুমুখী সংহত কৃষি প্ৰকল্পৰ পৰিকল্পনা প্ৰস্তুতৰ বাবে ১ জুলাইত বোকাখাতত কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় ৷

বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত সংহত কৃষি প্ৰকল্পটোৰ সৈতে জড়িত আনুসংগিক উপ-প্ৰকল্পসমূহৰ সফল ৰূপায়ণৰ বাবে প্ৰকল্পটোৰ সৈতে জড়িত বিভাগসমূহৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ৷ 

প্ৰস্তাৱিত এই সংহত কৃষি প্ৰকল্পত গাহৰি ফাৰ্ম, মীন পালন, ফিড মিল, শীতলীকৰণ ভঁৰাল কেন্দ্ৰ, সৌৰশক্তি উৎপাদন, খাদ্য সংসাধন উদ্যোগকে ধৰি আন কেইবাটাও উপ-প্ৰকল্পৰ সংযোজন কৰা হ'ব বুলি জনায় কৃষিমন্ত্ৰী গৰাকীয়ে ৷ এই প্ৰকল্পই বোকাখাত অঞ্চলৰ বহু যুৱক-যুৱতীক স্ব-নিয়োজনৰ সুবিধা প্ৰদান কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷

এই বৈঠকতে মহকুমাটোত প্ৰশাসনে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে আগবঢ়োৱা ক্ষতিপূৰণৰ কাম-কাজৰ লগতে মহকুমাটোৰ সামগ্ৰিক উন্নয়নমূলক কাম-কাজৰো বুজ লয় মন্ত্ৰী অতুল বৰাই ৷

বৈঠকত বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, নুমলীগড় শোধনাগাৰৰ প্ৰবন্ধক মিণ্টু সন্দিকৈ আৰু পশ্চিম গোলাঘাট উন্নয়ন খণ্ড বোকাখাতৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজ্যোতি গগৈ ৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া সকল উপস্থিত থাকে।

*******