বোকাখাতৰ জেষ্ঠ সাংবাদিক নীলু আচাৰ্যলৈ দুলীয়াজান প্ৰেছ ক্লাবৰ অইল-ডিপিচি মেডিয়া বঁটা :

বোকাখাতৰ জেষ্ঠ সাংবাদিক নীলু আচাৰ্যলৈ দুলীয়াজান প্ৰেছ ক্লাবৰ অইল-ডিপিচি মেডিয়া বঁটা  :
Aiidesh Photo

Aiidesh News  : 15 November  2023  :

বোকাখাতৰ জেষ্ঠ সাংবাদিক,দৈনিক জনমভূমি কাকতৰ বোকাখাতৰ প্ৰতিবেদক তথা বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্যলৈ  শ্ৰেষ্ঠ সাংবাদিকতাৰ বাবে 'অইল-ডিপিচি মেডিয়া বঁটা'-২০২৩ আগবঢ়োৱা ৷ ১৬ নৱেম্বৰত দুলীয়াজান প্ৰেছ ক্লাবৰ উদ্যোগত আৰু অইল ইণ্ডিয়াৰ সহযোগত দুলীয়াজানৰ বিহুতলীত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসুচীত দুলীয়াজান প্ৰেছ ক্লাবে নীলু আচাৰ্যক এই অইল-ডিপিচি মেডিয়া বঁটা-২০২৩ প্ৰদান কৰিব ৷

সাংবাদিক হিচাবে সেৱা আগবঢ়োৱা নীলু আচাৰ্যই ইয়াৰ আগতে জনমভূমি গ্ৰুপ্ৰে ২০০৫ চনত প্ৰদান কৰা কনক চন্দ্ৰ শৰ্মা সোঁৱৰনী শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা আৰু কাজিৰঙা নিউজ নেটৱৰ্কৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ কাজিৰঙা বঁটাও লাভ কৰিছিল ৷ উল্লেখ্য যে বোকাখাত মহকুমাৰ কুৰুৱাবাহী তিনি আলিৰ নিৱাসী জেষ্ঠ সাংবাদিক গৰাকী সাংবাদিকতাৰ উপৰিও বোকাখাতৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত ৷ সাংবাদিক নীলু আচাৰ্য এগৰাকী ফটোগ্ৰাফাৰ আৰু ভাল ফুটবল খেলুৱৈ হিচাবেও পৰিচিত ৷ 

জেষ্ঠ সাংবাদিক গৰাকীয়ে দুলীয়াজান প্ৰেছ ক্লাবৰ অইল-ডিপিচি মেডিয়া বঁটা-২০২৩ বঁটা লাভ কৰাৰ বাবে বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাতৰ ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচ'চিয়েচন চমুকৈ ইমজা, কাজিৰঙা নিউজ নেটৱৰ্কৰ লগতে বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে ৷

******