বিহপুৰীয়া কাছিকটাত চাৰি লাখ পঁসত্তৰ হাজাৰ টকীয়া দেওশালৰ মৰাঙ্ঘৰৰ আধাৰশিলা আৰু কামৰ শুভাৰম্ভ।

বিহপুৰীয়া কাছিকটাত চাৰি লাখ পঁসত্তৰ হাজাৰ টকীয়া দেওশালৰ মৰাঙ্ঘৰৰ আধাৰশিলা আৰু কামৰ শুভাৰম্ভ।

অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সম্প্ৰদায়ৰ বসতি স্থল বিহপুৰীয়া কাছিকটা দেউৰী গাঁৱত আজি চাৰি লাখ পঁসত্তৰ হাজাৰ টকীয়া নিৰ্মাণ হব লগা দেওশালৰ মৰাঙ্ঘৰ নিৰ্মাণৰ আধাৰশিলাৰ লগতে কামৰ শুভাৰম্ভ হয় । সেই উদ্দেশ্যে দেউৰী স্বায়ত্ব পৰিষদৰ গড়কাপ্তানি বিভাগৰ পৰা লাভ কৰা পৰিষদৰ ১৩ নং কাছিকটা সমষ্টিৰ অন্তৰ্গত কাছিকটা দেউৰী গাঁৱত আজি সমষ্টিটোৰ ক্ৰানকৰ্তা উত্তম দেউৰীয়ে কুন্দিমামাৰ আশীৰ্বাদ শিৰত লৈ দেওশালৰ পূজাৰী সকল আৰু সমষ্টিবাসী ৰাইজৰ সহযোগত কামৰ শুভাৰম্ব কৰে । শীঘ্ৰে বহু দিনীয়া এটা বৃহৎ সমস্যাৰ সমাধান হব বুলি স্থানীয় ৰাইজৰ মন আনন্দিত হয় । উল্লেখযোগ্য যে সুদীৰ্ঘ দিন ধৰি দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিভিন্ন সমস্যাৰ মাজত সমভাগি হোৱা উত্তম দেউৰীৰ এনে পদক্ষেপত কাছিকটা সমষ্টি বাসী ৰাইজে ভূশয়ী প্ৰসংশিত হৈ ধন্যবাত জ্ঞাপন কৰে।

বিহপুৰীয়াৰ পৰা ভবেন দেউৰী ৰিপৰ্ট