দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড

দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড
দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড

লকডাউন চলি থকাৰ সময়তে দুধনৈত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড৷ নিমিষতে জাহ গ’ল দিন হাজিৰা কৰি পোৱা কেইটামান টকাৰে এপদ এপদকৈ সামগ্ৰী কিনি সজা দিপালী সিংহ আৰু জীতেশ দেৰ সপোনৰ ঘৰ৷ এখন সৰু তামোল পানৰ দোকান দি পৰিয়াল পোহপাল দিয়া জীতেশ দেৰ ঘৰ আৰু দিন হাজিৰা কৰি এসাজ খাই এসাজ লঘোনে থাকি চাৰিটাকৈ সন্তানেৰে পৰিয়াল পোহপাল দিছিল দিপালী সিংহই৷ কিন্ত যোৱা দেওঁবাৰে দুয়োটা পৰিয়াললৈ নামি আহে কলীয়া ডাৱৰ৷ লক ডাউনৰ বাবে আমনি লাগি থকা দিপালীয়ে আবেলি নঙলা মুখলৈ ওলাই অহাৰ সময়তে হঠাতে দিপালীৰ ঘৰটো দপদপকৈ জ্বলি উঠে ৷ মুহুৰ্ততে চাৰিও দিশ কলা ধোৱাই ছানি ধৰে৷ নিমিষতে হুৱাদুৱা লাগে অঞ্চলটোত৷

প্ৰত্যক্ষদৰ্শীয়ে লগে লগে দুধনৈ আৰক্ষী আৰু দুধনৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে৷ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ততালিকে ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ দিপালীৰ ঘৰখনৰ লগতে জীতেশ দেৰ ঘৰখন সম্পুৰ্ণৰূপে জাহ যায়৷ শুকান বতৰৰ বাবে নিমিষতে ছাই হৈ গৈছিল দুয়োটা বাসগৃহ৷ দুয়োটা পৰিয়ালে এপদ সামগ্ৰীও উদ্ধাৰ কৰিব নোৱাৰিলে৷ অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ীয়ে জুই নিৰ্বাপন কৰিছিল যদিও দিপালী আৰু জীতেশৰ সপোনৰ বাসগৃহ দুটা শেষ হৈ গৈছিল৷

আৰক্ষীৰ প্ৰাথমিক তদন্তত চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ প্ৰথমতে দিপালী সিংহৰ ঘৰত জুই লাগে আৰু সেই জুইয়ে ওচৰতে থকা জীতিশ দেৰ ঘৰলৈ সম্প্ৰসাৰিত হয়৷এই জুইয়ে মনিন্দ্ৰ সিংহ নামৰ এগৰাকী লোকৰো সামান্য ক্ষতি কৰে৷ লকডাউনৰ এই সংকটৰ সময়ত এতিয়া দিপালী আৰু জীতেশৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ৷ হিয়া ধাকুৰি কান্দিকাটি আউলি বাউলি হোৱা দুয়োটা পৰিয়াল এতিয়া মুকলি আকাশৰ তলত৷