বোকাখাতত হৃদয়বিদাৰক ঘটনা : সন্তানসম্ভৱা পত্নীৰ চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰি স্বামীৰ আত্মহত্যা : পত্নীয়ে জন্মদিলে পুত্ৰ সন্তান :

বোকাখাতত হৃদয়বিদাৰক ঘটনা : সন্তানসম্ভৱা পত্নীৰ চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰি স্বামীৰ আত্মহত্যা : পত্নীয়ে জন্মদিলে পুত্ৰ সন্তান  :

বোকাখাতত হৃদয় বিদাৰক ঘটনা : সন্তানসম্ভৱা পত্নীৰ চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰি স্বামীৰ আত্মহত্যা :  পত্নীয়ে জন্মদিলে পুত্ৰ সন্তান  :

Aiidesh News : 19th January  :  

বোকাখাতত সংঘৰ্টিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ গৰ্ভাৱতী পত্নীৰ চিকিৎসা ব্যয় বহন কৰিব নোৱাৰি স্বামীয়ে  আত্মহত্যা কৰিছে ৷ বুধবাৰৰ দিনা বোকাখাতৰ সেউজীপাৰত সংঘৰ্টিত হৈছে এই ঘটনা ৷ ঘটনাৰ পিচতে স্থানীয় লোকে অৰ্থৰ অভাৱত আত্মহত্যা কৰা স্বামীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে প্ৰথম সন্তানৰ মাতৃ হ'বলৈ ওলোৱা প্রসৱ বেদনাত ছটফটাই থকা গৰ্ভৱতী পত্নীক অৰ্থ সংগ্ৰহ কৰি ১০৮ সেবাযোগে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ অৱশেষত যোৱা নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দুৰ্ভগীয়া মহিলা গৰাকীয়ে এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে ৷

জানিব পৰা মতে, বোকাখাত নগৰৰ সেউজীপাৰৰ নিৱাসী অসীম বৰুৱাৰ ওৰফে মাইনাৰ পত্নীৰ যোৱা বুধবাৰৰ দিনা সন্তান প্ৰসৱৰ দিন আছিল । মংগলবাৰৰ পৰাই পত্নীৰ প্রসৱজনিত লক্ষণ দেখা দিছিল ৷ বোকাখাত নগৰৰ ডিফলু ৰোডত থকা এটি শিৱ মন্দিৰৰ পূজাৰীৰ সহায়কৰূপে কাম কৰা অসীম বৰুৱাৰ হাতত পত্নীৰ চিকিৎসা কৰাব পৰাকৈ ধন নাছিল । প্রৱল হীনমান্যতাত ভোগা অসীম বৰুৱাই অৱশেষত উপায়হীন হৈ আত্মহননৰ পথ বাছি লয় ৷ উল্লেখ্য যে দৰিদ্ৰতাৰ মাজত জীৱন অতিবাহিত কৰিব লগা অসীম বৰুৱাই সাধাৰণ জাতিৰ (ব্রাহ্মণ) হোৱাৰ বাবেই চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত হৈছিল ৷ 

সোমবাৰৰ দিনা অসীম বৰুৱাই পত্নীক বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল । চিকিৎসকে বুধবাৰৰ দিনা সন্তান প্ৰসৱৰ সম্ভাৱনা থকা বুলি জানিবলৈ দিছিল আৰু প্ৰসৱৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিবৰ বাবে পৰামৰ্শ দিছিল ৷ এনে অৱস্থাত উপায়হীন হৈ স্বামী অসীম বৰুৱাই গৰ্ভাৱতী পত্নীক এৰি থৈ আত্মহত্যাৰ পথকে বাছি লয় ৷ ইফালে স্বামীৰ মৃত্যুত বাকৰুদ্ধ হৈ পৰা মহিলা গৰাকীক যোৰহাট চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় ঔষদৰ বাবেও সমস্যাৰ সৃষ্টি হয় ৷ অৱশেষত বোকাখাতৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকর্মী মহাবীৰ প্ৰসাদ আগৰৱালাই প্রসুতি মহিলা গৰাকীৰ বাবে প্ৰয়োজনীয় ঔষধ ক্রয় কৰি যোগান ধৰাত যোৱা নিশা পায়  ৮-১৫ মৃত অসীম বৰুৱাৰ দুৰ্ভগীয়া পত্নীয়ে এটি পুত্র সন্তানৰ জন্ম দিয়ে । 

উল্লেখযোগ্য যে অসীম বৰুৱাৰ ভাতৃ অঞ্জন বৰবাৰ কভিডকালীন সময়ত বহিঃৰাজ্যত মৃত্যু হৈছিল । মৰোনোত্তৰ পৰীক্ষাৰ পিচত বোকাখাতলৈ ঘূৰাই অনা অসীম বৰুৱাৰ মৃতদেহ সৎকাৰৰ বাবে কোনো লোক ওলাই নহাত বোকাখাতৰ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাসহ ৩ জন লোকে স্থানীয় শ্মশানত আত্মহনন কৰা অসীম বৰাৰ শেষকৃত্য সম্পন্ন কৰে । 

নিজ সন্তানৰ মুখ দেখাৰ আগতেই আত্মহনন কৰা এই ঘটনাই জোকাৰি গৈছে বোকাখাতৰ বৌধিক মহলক ৷ উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ চিকিৎসা বিভাগত চলি থকা অন্তসাৰ শূন্যতাকো যেন প্ৰতিপন্ন কৰিছে ৷

*********