শিল্পী সমাজ, বোকাখাতৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন : সাংস্কৃতিক শোভাযাত্ৰা : বিভিন্নজনক সম্বৰ্ধনা :

শিল্পী সমাজ, বোকাখাতৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন : সাংস্কৃতিক শোভাযাত্ৰা  : বিভিন্নজনক সম্বৰ্ধনা  :
Aiidesh Photo
শিল্পী সমাজ, বোকাখাতৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন : সাংস্কৃতিক শোভাযাত্ৰা  : বিভিন্নজনক সম্বৰ্ধনা  :

Aiidesh News : 28 January - 2024 : 

সাংস্কৃতিক সংগঠন বোকাখাত শিল্পী সমাজৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি সংগঠনটোৰ বোকাখাতৰ ডিফলু পথৰ স্থায়ী প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে এক সাংস্কৃতিক সমাৰোহ উদযাপন কৰা হয় । বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপক তথা বোকাখাত সাংস্কৃতিক মঞ্চৰ উপ সভাপতি অতুল বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে বোকাখাত সাংস্কৃতিক মঞ্চৰ সভাপতি বিজয় শৰ্মাই । স্মৃতি তৰ্পণ কৰে সংগঠনটোৰ মুখ্য সম্পাদক অসীম বৰুৱাই । বন্তি প্ৰজ্বলন কৰে ক্ৰমে ধনীৰাম দত্ত, ধনীৰাম কুৰ্মি, সৰলা কলিতা, মিনতি দলে, ইনামূৰ ৰহমান, অমৰ কাকতি, ৰেখা ৰাণী তামুলী, প্ৰতাপ বৰুৱা, নয়নতৰা গোস্বামী, চখিনা বেগম, উৎপল দলে, দিলীপ শইকীয়া, জীৱন চৌধুৰী, অৱনী বৰি, গুণবাহাদুৰ ছেত্ৰী, গৌৰাংগ ঘোষ, শৰৎ ৰঞ্জন শৰ্মা, ফনীধৰ হাজৰিকা, ভৰত সিং, ৰাজাৰাম ৰবিদাস, দ্বীপেন সন্দিকৈ, ৰছিদুল ৰহমান, আৰু বুলন চন্দ্ৰ কৰ্মকাৰে । পৰৱৰ্তী সময়ত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলক লৈ বোকাখাত নগৰৰ মাজেদি এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাৰ উদ্বোধন কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড° জয়ন্ত দাসে । 

দুপৰীয়ালৈ অনুষ্ঠিত হয় এক সাংস্কৃতিক সমাৰোহ । সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে জেষ্ঠ সাংবাদিক প্ৰিয়ংদীপ কাকতিয়ে । অনুষ্ঠানত বিশিষ্ট লেখিকা মিনতি দলে, বিশিষ্ট লেখিকা কল্পনা চেতিয়া, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্য, বিশিষ্ট সাংস্কৃতিক কৰ্মী অনন্ত হাজৰিকা, বিশিষ্ট সমাজকৰ্মী তপন কৰ্মকাৰকে আদি কৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । বোকাখাত শিল্পী সমাজৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়ালৈ বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাই উদ্বোধন কৰা সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানতে সমাজলৈ আগবঢ়োৱা সেৱা আৰু বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱা ব্যক্তি সকলক আয়োজক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়