লেখাপানীৰ টিৰাপত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহি

লেখাপানীৰ টিৰাপত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহি

লেখাপানী,২৯মে:-তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত  টিৰাপত আজি বিয়লিৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।ঘটনাৰ বিৱৰণ অনুযায়ী জাগুন দিশৰ পৰা শিল কঢ়িয়াই অনা AS 06 BC 1186 নম্বৰৰ এখন তীব্ৰ বেগী ডাম্পাৰে বিপৰীত দিশৰ পৰা অহা এখন বাজাজ ডিস্কভাৰ বাইকত প্ৰচণ্ড জোৰত খুন্দা মাৰে। খুন্দা মাৰি ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই বাইকখনক চোঁচৰাই নি পথৰ কাষত থকা এজোপা গছত খুন্দা মাৰি ৰৈ যায়।বহু সময় ধৰি বাইকখনৰ সৈতে বাইক আৰোহি জন ডাম্পাৰ খনৰ তলত সোমাই থাকে।ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ বাইক আৰোহি জনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তেখেতে শেষ মুহূৰ্তত মৃত্যুক সাৱটি লব লগা হয়।  মৃত্যু হোৱা লোকজন টিৰাপ গেট নিবাসী মনিষ ৰানা(৩৮)বুলি জানিব পৰা যায়।ঘটনা সংঘটিত কৰি ডাম্পাৰ খনৰ চালক জনে পলায়ন কৰে যদিও আৰক্ষীয়ে ডাম্পাৰ খনৰ সৈতে দুৰ্ঘটনাত পতিত বাইকখন উদ্ধাৰ কৰি থানালৈ লৈ যায়। উল্লেখযোগ্য বিষয়টো হল যে ৰাষ্ট্ৰীয় ঘাইপথত বহু দিনৰে পৰা একাংশ শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মই কেইবাটাও দুৰ্ঘটনা সংঘটিত কৰিছে।ইতিমধ্যে কেইবাজনো নিৰীহ লোকে এনে ডাম্পাৰৰ খুন্দাত অকাল মৃত্যুক আঁকোৱালি লব লগা হৈছে। বিভিন্ন সময়ত এই তীব্ৰ বেগী ডাম্পাৰ সমূহৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত দাবী উত্থাপন তথা পথ অৱৰোধ পৰ্যন্ত হোৱাৰ উদাহৰণ নথকা নহয়। পৰৱৰ্তী সময়ত প্ৰশাসনে ডাম্পাৰ সমূহৰ অতপালি ৰোধ কৰাৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হব। বৰ্তমান দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলটোত এক শুকাকূল পৰিবেশে বিৰাজ কৰিছে।