কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানৰ আগৰাতলিত অসম বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষন প্ৰকল্পৰ উদ্যোগত বিভিন্ন বিভাগৰ সমন্বয়ক সজাগতা সভা : পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ শতাধিক সদস্যৰ সহযোগ :

কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানৰ আগৰাতলিত অসম বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষন প্ৰকল্পৰ উদ্যোগত বিভিন্ন বিভাগৰ সমন্বয়ক সজাগতা সভা  : পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ শতাধিক সদস্যৰ সহযোগ  :
Aiidesh Photo

Aiidesh News  : 13 September 2024  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত আজি অগৰাতলি পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি আৰু ধোৱাআটি পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সদস্য সকললক লৈ বিভিন্ন বিভাগৰ বিষয়াৰে এক সমন্বয় আৰু সজাগতা অনুষ্ঠিত হয় ৷ অসম বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষন প্ৰকল্পৰ অধিনত প্ৰকল্প ৰূপায়ণ সহযোগ সংন্থাৰ উদ্যোগত আয়োজিত এই সভাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ,  বোকাখাত মহকুমাৰ মীন বিষয়া ড৹ আজিজ আহমেদ, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা দাস, অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, প্ৰকল্প ৰূপায়ণ সহযোগ সংন্থাৰ জেষ্ঠ সমন্বয়ক মনোজ শৰ্মা আৰু ধ্ৰুৱ ঠাকুৰ, মৰিধনশিৰি গাওঁ পঞ্চায়তৰ সচিব সঞ্জীৱ দাসৰ লগতে ধোৱাআতি আৰু অগৰাতলি পাৰিপাৰ্শ্বক উন্নয়ন সমিতিৰ সভাপতি সম্পাদকৰ লগতে প্ৰায় শতাধিক সদস্য আৰু জনসাধাৰণ উপস্থিত থাকে ৷ 

পৰিবেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা এই সভাত দুয়োখন পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কৰ্মকৰ্তাৰ লগতে পুৰুষ মহিলাই গাওঁ দুয়োখনত ৰূপায়ণ কৰা আঁচনি সমুহৰ সগতে সাম্প্ৰতিক সমস্যা সমুহৰ বৰ্ণনা দাঙি ধৰি সমাধানৰ বিভিন্ন উপায়ৰ ওপৰত আলোকপাত কৰে ৷ সমস্যা সমুহ সমাধানৰ লগতে কৰ্মসংস্থাপনৰ আঁচনি ৰূপায়ণৰ বাবে আহ্বান জনায় ৷ সভাত কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ৰাইজে উমৈহতীয়া সিধান্তৰে আঁচনি হাতত ললে বনবিভাগৰ তৰফৰ পৰা প্ৰাথমিক আৰ্থিক সহাৰ্য প্ৰদান কৰাৰ কথা কয় ৷ কাজিৰঙাই ইতিমধ্যেই ভাৰতীয় চিল্ক আয়োগৰ সহযোগত ৰূপায়ণ কৰিবলৈ লোৱা এক অভিলাষী আঁচনিৰ বাবে আগ্ৰহী শিপিনিক সহযোগ কৰিবৰ বাবে আহ্বান জনায় ৷ 

মহকুমা মীন বিষয়া ড৹ আজিজ আহমেদে মীন পালনৰ উপৰিও একুৰিয়াম প্ৰস্তুত কৰা, অংলকৃত কৰা মাছৰ উৎপাদন, মাছৰ খাদ্য প্ৰস্তুত গোট, মাছৰ আচাৰ প্ৰস্তুত অথবা মীন পৰ্যটনৰ বাবে পৰামৰ্শ আগবঢ়ায় এই ক্ষেত্ৰত পাৰ্যমানে সহযোগিতা আগবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷  লগতে কৃষাণ ক্ৰেডিট কাৰ্ডৰ পপত্ৰ বিতৰণ কৰি আবেদন জনাবৰ বাবেও সকলোকে আহ্বান জনায় ৷ খণ্ড উন্নয়ন বিভাগৰ সহকাৰী অভিযন্তা দাসে গাওঁ পঞ্চায়তে ধোৱাআটি আৰু অগৰাতলিত ইতিমধ্যেই ৰূপায়ণ কৰা কাৰ্ষ আঁচনিৰ লগতে প্ৰস্তাৱিত আঁচনিৰ ক্ষেত্ৰত দিহা পৰামৰ্শ আগবঢ়ায় ৷ বোৱা কটাৰ ক্ষেত্ৰত মহিলা গোট সমুহক উন্নয়ন খণ্ডৰ লগত যোগাযোগ কৰিবৰ বাবেও পৰামৰ্শ প্ৰদান কৰে ৷ 

********