ৰাজ্যত লকডাউন বৃদ্ধি ৰ সিদ্ধান্ত লব কেন্দ্ৰই

ৰাজ্যত লকডাউন বৃদ্ধি ৰ সিদ্ধান্ত লব কেন্দ্ৰই
Extension to Lockdown

সমগ্ৰ বিশ্বতে কোৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ সময়তে ভাৰতত এই ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। ইতিমধ্যে লকডাউনৰ ১৪টা দিন অতিবাহিত কৰাৰ পিছত লকডাউন কেতিয়াকৈ খোলা হ’ব তাক লৈ সকলোৰে মনত উৎকণ্ঠাৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা সমগ্ৰ দেশতে ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ দিয়া হৈছে।

যাতে কোৰোনা মহামাৰীৰ মৃত্যু দূত ৰূপী ভাইৰাছ বিয়পি নপৰে। অসমতো কোৰোনা ভাইৰাছত ২৭জনকৈ লোক আক্ৰান্ত হৈছে। ইপিনে অহা ১৪ এপ্ৰিলত লকডাউনৰ সময়সীমা অন্ত পৰিব যদিও লকডাউন ৰাজ্যত বৃদ্ধি হ’বনে নে নহয় সেই সিদ্ধান্ত গ্ৰহণ নকৰে ৰাজ্য চৰকাৰে। তদুপৰি লকডাউন সন্দৰ্ভত কোনো নিৰ্দেশনা প্ৰেৰণ নকৰে জিলা উপায়ুক্তসকলক। আজি জনতা ভৱনত মন্ত্ৰী পৰিষদৰ এক বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাই।

অহা ১৩এপ্ৰিলত কেন্দ্ৰীয় কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত আখৰে আখৰে পালন কৰিব ৰাজ্য চৰকাৰে। লকডাউন বৃদ্ধি হ’বনে না নাই সেই সন্দৰ্ভত কেন্দ্ৰই লোৱা সিদ্ধান্তকে পালন কৰা হ’ব ৰাজ্যত। অৱশ্যে অহা ১৩ এপ্ৰিলত ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত পুনৰ বৈঠকত বহিব সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভা। আজি মন্ত্ৰী পিৰষদৰ বৈঠকৰ পিছতে বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক এই কথা জানিবলৈ দি কয় যে অসম চৰকাৰে কেন্দ্ৰৰ নিৰ্দেশনা অনুযায়ী কাম কৰিব। আনহাতে ৰাজহুৱা খণ্ডৰ অধীনস্থ কৰ্মচাৰীক ৫০লাখ টকাৰ বীমা সাহায্য প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে স্বাস্থ্য বিভাগত কৰ্মৰত কৰ্মচাৰী আৰু আৰক্ষীক এই সুবিধা প্ৰদান কৰা হৈছে। কিন্তু এতিয়াৰে পৰা কোৰোনাৰ সৈতে যুজাৰ সময়ত ৰাজহুৱা খণ্ডৰ কোনো কৰ্মচাৰীয়ে আক্ৰান্ত হ’লে এই সুবিধা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।

আনহাতে আগন্তুক ৰঙালী বিহুক লৈ বিশেষ আহবান জনায় স্বাস্থ্য তথা বিত্তমন্ত্ৰী গৰাকীয়ে। কোৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জনসমাগম যিমান পৰা যায় হ্ৰাস কৰাৰ আহবান জনোৱাৰ লগতে বিহু কমিটীসকলৰ ৫জন লোককহে বিহু উদ্‌যাপনৰ বাবে গোট খাবলৈ অনুমতি প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে বিহু কমিটীৰ ৫ জন সদস্যই পতাকা উত্তোলন কৰিয়ে এইবেলি বিহু সামৰিবলৈ আহবান জনায় বিত্তমন্ত্ৰী গৰাকীয়ে। কোনো কাৰণতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব বুলি উল্লেখ কৰি পৰৱৰ্তী পৰ্যায়ত পৰিৱেশ অনুকুল হ’লে বিহু কমিটীসকলক এই অনুমতি প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।