ইটালীৰ যুক্তিবাদী দাৰ্শনিক জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত দিনজোৰা কাৰ্যসূচীৰে বোকাখাত জাতীয় বিদ্যালয়ত ‘যুক্তি দিৱস’ উদযাপন :

ইটালীৰ যুক্তিবাদী দাৰ্শনিক জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত দিনজোৰা কাৰ্যসূচীৰে বোকাখাত জাতীয় বিদ্যালয়ত ‘যুক্তি দিৱস’ উদযাপন  :
Aiidesh Photo
ইটালীৰ যুক্তিবাদী দাৰ্শনিক জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত দিনজোৰা কাৰ্যসূচীৰে বোকাখাত জাতীয় বিদ্যালয়ত ‘যুক্তি দিৱস’ উদযাপন  :
ইটালীৰ যুক্তিবাদী দাৰ্শনিক জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত দিনজোৰা কাৰ্যসূচীৰে বোকাখাত জাতীয় বিদ্যালয়ত ‘যুক্তি দিৱস’ উদযাপন  :

Aiidesh News  : 18 February 2024 :

পৃথিৱীখনৰ অৱস্থান বিশ্বব্রহ্মাণ্ডৰ কেন্দ্রত নহয় বুলি কোৱাৰ বাবেই ১৬০০ চনৰ ১৭ ফেব্রুৱাৰীৰ দিনা  কিন্তু সেই কথাটো কোৱাৰ বাবেই জ্যৰ্ডানো ব্রুনো (Giordano Bruno) ব্রুনোক জীৱন্তে জ্বলাই দিয়া হৈছিল ৷ জ্যৰ্ডানো ব্রুনোক যেতিয়া জ্বলাবলৈ নিয়া হৈছিল তেতিয়া ব্রুনোৱে ঘাতক বোৰক ধীৰ-স্থিৰভাবে কৈছিল, মই মোৰ মৃত্যুকলৈ যিমান ভয় কৰিছো তোমালোকে মোৰ মতক তাতকৈ বেছি ভয় কৰিছা ৷ প্ৰকৃততে সেই ঘাতক-বাহিনীয়ে জ্যৰ্ডানো ব্ৰুনোয়ে কোৱা সত্য , যুক্তিৰবাদী কথা আৰু  মুক্ত চিন্তাৰ প্রতি ভীষণ ভয় কৰিছিল ৷ ব্রুনোক জীয়াই জীয়াই জ্বলাই দিয়াৰ পাছতো এই ঘাতক বাহিনীয়ে  পৃথিৱীক ব্রহ্মাণ্ডৰ কেন্দ্রত স্থাপন কৰিব পৰা নাছিল । জ্যৰ্ডানো ব্রুনোৱে নিজৰ জীৱন বলিদান দি বিশ্ববাসীক আগত সত্যক প্ৰতিষ্ঠা কৰি গ'ল ৷  তাৰে পটভুমিত অসম যুক্তি বিকাশ সমিতি আৰু মুক্ত চিন্তাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ২০১৮ চনত জ্যৰ্ডানো ব্ৰুনোৰ হত্যাৰ দিনটোক ‘যুক্তি দিৱস’ ৰূপে উদ্যাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল । সেইবছৰৰ পৰা প্ৰত্যেক বছৰে এই ‘যুক্তি দিৱস’ পালন কৰি অহা হৈছে । অসমৰ বিভিন্ন প্ৰান্ততো এতিয়া জ্যৰ্ডানো ব্ৰুনোৰ হত্যাৰ দিনটোক ‘যুক্তি দিৱস’ পালন কৰিবলৈ লৈছে ।

আজি ১৮ ফেব্ৰুৱাৰী দেওবাৰে ‘যুক্তি বিকাশ সমিতি, অসম’, ‘ইলোৰা বিজ্ঞান মঞ্চৰ বোকাখাত শাখা আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাত জাতীয় বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই যুক্তি দিৱস উদযাপন কৰা হয় ৷ যুক্তি-বিকাশ সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক ড° বৰ্ণালী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় প্ৰয়াস অধ্যয়ন চক্ৰৰ প্ৰতিষ্ঠাপক সোনেশ্বৰ নৰহে ৷ ইয়াৰ পিছতে বিজ্ঞান আৰু যুক্তিবাদলৈ জৰ্ডানো ব্ৰুনোৰ অৱদান সোৱঁৰি আলোকপাত কৰে মুক্ত চিন্তা অনলাইন আলোচনীৰ মুখ্য সম্পাদক ড° কৌশিক দাসে ৷ অনুষ্ঠানত অংশ গ্ৰহন কৰি ডিমৌ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা০ সুৰজিত গিৰিয়ে সাপ, অন্ধবিশ্বাস আৰু আমাৰ সমাজ শীৰ্ষক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে । ডা০ সুৰজিত গিৰিয়ে সাৱলীল ভাষাৰে সাপ , সৰ্প দংশন আৰু সমাজৰ কৰণীয় বিষয় সামৰি বক্তৃতা প্ৰদান কৰি সভাত উপস্থিত বিভিন্নজনৰ বক্তাগৰাকীয়ে প্ৰশ্নৰো উত্তৰ দিয়ে ৷ বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা মুক্ত চিন্তাৰ গীত “মুক্ত নহয় চন্দ্ৰ সূৰ্য” গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী দীক্ষিতা দীক্ষিত আৰু ছাত্ৰ প্ৰাচুৰ্য্য ফুকনে সাঁজি উলিওৱা সাপ খেদিবলৈ নহৰু পানী চটিওৱা যন্ত্ৰ এটা প্ৰদৰ্শন কৰে ৷ একেদৰে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ দলে স্থানীয় অঞ্চলৰ ডাইনী কাণ্ডৰ সন্দৰ্ভত এক ক্ষেত্ৰভিত্তিক প্ৰতিবেদনো প্ৰকাশ কৰে ।

পৰৱৰ্তী সময়ত ‘সমাজৰ পৰা অন্ধবিশ্বাস নিৰ্মূলকৰণ, নিৰ্মূলকৰণৰ বাধাসমূহ আৰু ইয়াৰ  প্ৰতিকাৰৰ উপায় ওপৰত’ এক মুকলি আলোচনা অনুষ্ঠিত হয় ৷ আলোচনাত দীপক বৰা, দেবিকা শইকীয়া, নয়নমণি মেধি, ড০ কুলেন দাস, ভূপেন শৰ্মা, ৰুমা অধিকাৰী, ডা০ অঞ্জন শইকীয়া, নিজৰা বৰঠাকুৰ, দিলীপ ফুকন, অমৰ কাকতি, গায়ত্ৰী বৰা কাকতি   আদি বিশিষ্ট লোক সকলে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানতে প্ৰয়াস অধ্যয়ন চক্ৰক যুক্তি বিকাশ সমিতিয়ে প্ৰায় সাত হেজাৰ টকা মূল্যৰ মূল্যৱান পুথি আৰু আলোচনী প্ৰদান কৰে ৷ এই অনুষ্ঠানতে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে সোনেশ্বৰ নৰহ, কনকলতা দত্ত, ৰাজীৱ দত্ত, সুদৰ্শন বৰবড়া, প্ৰবীণ পেগু, ৰাজেন শৰ্মা আদি কেইবা গৰাকীয়ে ব্যক্তিয়ে মৰণোত্তৰ দেহদান কৰে ৷ ইপ্সিতা দত্তৰ তত্বাৱধানত "কলম" নামৰ এখন প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰা হয় ৷  "নতুন পদাতিক" আলোচনীৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি বৰগোহাঞিয়ে প্ৰাচীৰ পত্ৰিকখন উন্মোচন কৰে । অনুষ্ঠানত ছাত্ৰী ইমন কল্যানে বিজ্ঞানত মই দহ নম্বৰ পালোঁ শীৰ্ষক কবিতাৰ আবৃত্তি আৰু গৌৰীশংকৰ বৰাই গীত পৰিৱেশন কৰে ৷

**********