বোকাখাতৰ মৰিধনশিৰিত এজন লোকৰ সলিল সমাধি : মাছ ধৰিবলৈ পানীত নামিছিল লোকজন :

বোকাখাতৰ মৰিধনশিৰিত এজন লোকৰ সলিল সমাধি  : মাছ ধৰিবলৈ পানীত নামিছিল লোকজন  :

বোকাখাতৰ মৰিধনশিৰিত এজন লোকৰ সলিল সমাধি  : মাছ ধৰিবলৈ পানীত নামিছিল লোকজন  : 

Aiidesh News  : 5 July 2023  : 

বোকাখাত নগৰৰ ১ নং ৱাৰ্ডৰে বৈ যোৱা মৰিধনশিৰি নদীত থকা ষঠপূজাৰ ঘাটত পানীত ডুবি এজন লোকৰ সলিল সমাধি হয়  । খুচনচিব আলম নামৰ পৌৰ লোক জনে দুজন মান কিশোৰৰ লগত মাছ ধৰিবলৈ বুলি মৰিধনশিৰিৰ পানীত নামিছিল ৷ তেজপুৰ ঢেকীয়াজুলিৰ নিবাসী খুছনচিব আলম নামৰ লোকজনে বোকাখাতত থকা শহুৰেকৰ ঘৰলৈ আহিছিল ৷ পানীত ডুবি যোৱা দেখি লগৰ কিশোৰ কেইজন স্থানীয় লোকক অৱগত কৰাত স্থানীয় লোকৰ তৎপৰতাত লোক জনক পানীৰ পৰা উদ্ধাৰ কৰি সংকটজনক অৱস্থাত বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত চিকিৎসকে খুচনচিব আলমক মৃত বুলি  ঘোষণা কৰে ।

*******