বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা : ব'লেন'ৰ খুন্দা এজন মুকবধিৰ চাইকেল আৰোহীৰ মৃত্যু :

বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা  : ব'লেন'ৰ খুন্দা এজন মুকবধিৰ চাইকেল আৰোহীৰ মৃত্যু  :

Aiidesh News  : 7 November  2023  :

বোকাখাতৰ নগৰৰ পুৱ দিশৰ ৱাই টু কে নামৰ হোটেলখনৰ সমীপতে মংগলবাৰৰ নিশা ৩৭ নং ৰাষ্ট্ৰীয় পথতে সংঘৰ্টিত হোৱা এক পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু হয় ৷ জানিব পৰা মতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰে তীব্ৰ গতিৰে যোৱা এখন ব'লেন' গাড়ীয়ে চাইকেল আৰোহী নবীন ভৰালীক (৮১) নামৰ চাইকেল আৰোহীজনক মহতিয়াই নিয়ে ৷ বোকাখাত নগৰৰ পৰা পূব গড়মূৰৰ বাসগৃহলৈ গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় পথতে গাড়ীয়ে মহতিয়াই নিয়ে চাইকেল আৰোহীজনক ৷ দুৰ্ঘটনাত আহত হোৱা নবীন ভৰালীক তাৎক্ষনিকভাৱে বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে । নিহত নবীন ভৰালী এগৰাকী মুকবধিৰ আৰু পেচাত এজন দক্ষ কাঠমিস্ত্ৰীও আছিল ৷ এই ঘটনাৰ পিচতেই বোকাখাত আৰক্ষী থানাৰ যানবাহন শাখাই দুৰ্ঘটনা সংঘটিত কৰা ব'লেন' গাড়ীখন আটক কৰে ৷

*******