বোকাখাতৰ সমীপৰ মেথনি চাহ বাগিছাৰ ৰাষ্ট্ৰীয় পথত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘৰ মৃত্যু :

বোকাখাতৰ সমীপৰ মেথনি চাহ বাগিছাৰ ৰাষ্ট্ৰীয় পথত গাড়ীৰ খুন্দাত নাহৰফুটুকী বাঘৰ মৃত্যু  :
Aiidesh Photo

Aiidesh News  : 16 February 2024  :

বোকাখাত উপ জিলাৰ পানবাৰী এনিমেল কৰিডৰৰ সমীপৰ মেথনি চাহ বাগিছাৰ ফেক্টৰীৰ কাষতে ৰাষ্ট্ৰীয় পথত গাড়ীৰ খুণ্ডাত আজি বিয়লি এটা নাহৰফুটুকী বাঘৰ মৃত্যু হয় ৷ পানাবাৰী সংৰক্ষিত বনাঞ্চলৰ মদাৰজুৰি বন শিৱিৰ এলেকাৰ সমীপতে বাগিছাখনৰ ফেক্টৰীৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় পথাংশ পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে ৰাষ্ট্ৰীয় পথেৰে যোৱা অচিনাক্ত এখন গাড়ীয়ে বাঘটো মাৰি পলায়ন কৰে ৷ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ বনবিভাগৰ লোকে মৃত নাহৰফুটুকীটো সংগ্ৰহ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনাৰ পিচতেই পলাতক গাড়ী সন্ধানত কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথাংশত তালাচী আৰম্ভ কৰিছে বন বিভাগে ৷ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ এনিমেল কৰিডৰৰ এই ৰাষ্ট্ৰীয় পথাংশত পুৰ্বতে গাড়ীৰ খুন্দাত ঢেকীয়াপতীয়া বাঘ, খুটীয়া পহু, টুপীয়া বান্দৰ আদি বহু বিৰল প্ৰজাতি বন্যপ্ৰাণী নিহত হৈছে ৷ অতি সংবেদনশীল এই পথাংশৰে পানবাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ বন্যপ্ৰাণীয়ে সচৰাচৰ প্ৰব্ৰজন কৰে ৷ 

**********